বিশ্বনাথ, 8 ছেপ্টেম্বৰ : বিশ্বনাথত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদ । বিশ্বনাথ জিলা কংগ্ৰেছ কমিটি আৰু বিহালী বাঘমৰা মণ্ডল কমিটিৰ উদ্যোগত আয়োজন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শীঘ্ৰে মেৰামতি কৰিবলৈকো দাবী জনায় ৰিপুন বৰাই ।
ইফালে শতাধিক কংগ্ৰেছ কৰ্মীক লগত লৈ গৰু গাড়ীত উঠি বৰাই প্ৰতিবাদ সাব্যস্ত কৰে চৰকাৰৰ বিৰুদ্ধে । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে বিশ্বনাথ জিলা কংগ্ৰেছ কমিতি সভাপতি দিলীপ বৰুৱা লগতে কেইবাজনো সম্পাদক ।
লগতে পঢ়ক :ভদীয়া বানত বুৰিল উত্তৰ অভয়াপুৰীৰ কুৰিখনৰো অধিক গাঁও