ETV Bharat / state

Exceptional forest worker: গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

author img

By

Published : Apr 20, 2023, 9:38 AM IST

গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে ৷ চহকী কৰাৰ চেষ্টা কৰিছে প্ৰকৃতিক, পৃথিৱীখনক ৷ বিগত ডেৰটা বছৰে ত্ৰিগুণ তালুকদাৰ নামৰ বনকৰ্মীগৰাকীয়ে গাংমৌ থানৰ লগতে বিহালী সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত গছপুলি ৰোপন কৰি আহিছে ৷

An exceptional forest worker
এগৰাকী ব্যতিক্ৰমী বনকৰ্মী
গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী

বিশ্বনাথ 20 এপ্ৰিল: 'এক বৃক্ষ দশপুত্ৰৰ সমান' ৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে এতিয়া প্ৰকৃতিপ্ৰেমৰ নিদৰ্শন দাঙি ধৰা পৰিলক্ষিত হৈছে ৷ চহকী কৰাৰ চেষ্টা কৰিছে প্ৰকৃতিক, পৃথিৱীখনক (An exceptional forest worker) ৷

আধ্যাত্মিক চিন্তা-চেতনাৰ মাজেৰে জীৱন জীয়াই থকা ত্ৰিগুণ তালুকদাৰ নামৰ বনকৰ্মীগৰাকী জন্ম সূত্ৰে হোজাই জিলাৰ যদিও বৰ্তমান কলিয়াবৰৰ বাসিন্দা ৷ কৰ্মসূত্ৰে সম্প্ৰতি তেওঁ বাস কৰি আছে বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাঙত ৷ মহাপুৰুষ গুৰুজনাই যিদৰে দক্ষিণপাৰৰ পৰা আহি উত্তৰ পাৰৰ গাংমৌ থানত প্ৰায় সাতটা বছৰ অতিবাহিত কৰিছিল, ঠিক সেইদৰে গুৰুজনাৰ আদৰ্শক প্ৰাধান্য দিয়া বনকৰ্মীগৰাকীয়েও গাংমৌ থানত সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিছে বুলি মন্তব্য কৰে তেওঁ (An exceptional forest worker From Biswanath) ৷

বিগত ডেৰটা বছৰে বনকৰ্মীগৰাকীয়ে গাংমৌ থানৰ লগতে বিহালী সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত গছপুলি ৰোপন কৰি আহিছে ৷ অৱসৰলৈ মাজত মাত্ৰ তিনিটা বছৰ থকা বনকৰ্মীগৰাকী সম্প্ৰতি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে ৷ যাৰ বাবে সমাজখনত কিবা এটা চিন ৰাখি যোৱাৰ মানসেৰে ৰোপন কৰি আহিছে বকুলকে ধৰি বিভিন্ন গছপুলি ৷ বনকৰ্মীগৰাকীয়ে ভাবে- সন্তানহীনসকলেও গছপুলিৰ মাজতেই সন্তানৰ সুখ লাভ কৰিব পাৰে ৷ একোটা গছপুলি লালন-পালন কৰিয়েই দশপুত্ৰৰ গৌৰৱ লাভ কৰিব পাৰি (Planting of trees by a forest worker in Biswanath) ৷

লগতে তেওঁ কয় যে যিসকল লোকে গছ কাটি তহিলং কৰে, তেওঁলোককো গছে ছাঁ দিয়ে । গতিকে গছপুলি ৰোপন কৰাৰ জৰিয়তে এখন সুন্দৰ পৃথিৱী কামনা কৰিছে জ্যেষ্ঠ বন কৰ্মীগৰাকীয়ে ৷ বনকৰ্মীজনৰ এই প্ৰচেষ্টা এতিয়া সকলোতে প্ৰসংশিত হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Anganwadi Centres in Rangia: ৰঙিয়াত অসম্পূৰ্ণ অৱস্থাতে ৰ’ল ১০ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.