ETV Bharat / state

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিদ্যালয় গৃহৰ দেৱালত মেলিলে চিৰাল ফাঁট - Model school in Jinjinia tea garden

কোটি টকা ব্যয় সাপেক্ষে চাহ বাগিচাত নিৰ্মাণ কৰা বিদ্যালয়ৰ কাম সম্পূৰ্ণ নৌহওঁতেই দেৱালত চিৰাল ফাঁট ৷ চাহ বাগিচাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁ‌চনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ (Allegation of corruption in Government scheme) ৷

Allegation of corruption in Government scheme

author img

By

Published : Mar 14, 2022, 2:25 PM IST

বিশ্বনাথ, ১৪ মাৰ্চ: চাহ বাগিচা এলেকাত ৰাজ্য চৰকাৰে ১১৯ খন আদৰ্শ বিদ্যালয় স্থাপনৰ এক অভিলাষী আঁ‌চনি গ্ৰহণ কৰিছিল (Government scheme for tea garden) । সমগ্ৰ ৰাজ্যত চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰাৰ পৰিকল্পনাৰে ১২২ কোটি টকা ব্যয় সাপেক্ষে এই আঁচনি গ্ৰহণ কৰিছিল ৰাজ্যৰ বিজেপি চৰকাৰখনে ৷ কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল বিদ্যালয়সমূহৰ নিৰ্মাণ কাৰ্য ৷ এই বিদ্যালয় নিৰ্মাণ কাৰ্যত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰো অভিযোগ উত্থাপিত হৈছে (Allegation of corruption in Government scheme) ৷

২০২০ চনতে বিশ্বনাথৰ জিনজিয়া চাহ বাগিচাত আধাৰশিলা স্থাপন কৰা হৈছিল এখন আদৰ্শ বিদ্যালয়ৰ (Model school in Jinjinia tea garden) ৷ জনৈক মহেশ্বৰী উপাধিৰ এজন ঠিকাদাৰে ঠিকা লাভ কৰিছিল এই বিদ্যালয় নিৰ্মাণৰ ৷ কিন্তু ঠিকাদাৰজনৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে নিৰ্মাণ কাৰ্যত অনিময়ম সংঘটিত কৰাৰ অভিযোগ ৷ কিয়নো নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিদ্যালয়খনৰ দেৱালত দেখা গৈছে চিৰাল ফাঁট ৷

ইফালে এই ফাঁটসমূহ ঢাকিবলৈ টাপলি মৰাৰো অভিযোগ উত্থাপন হৈছে ৷ বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্যত অতি নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰ কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে (Corruption in school construction) ৷

নিৰ্মাণ সম্পূৰ্ণ নৌহওঁতেই বিদ্যালয় গৃহৰ দেৱালত মেলিলে চিৰাল ফাঁট

বিদ্যালয় নিৰ্মাণ কাৰ্যৰ দায়িত্বত থকা ঠিকাদাৰ আৰু অভিযন্তাক স্থানীয় ৰাইজ তথা দল-সংগঠনসমূহে এই সন্দৰ্ভত আপত্তি দৰ্শাইছে যদিও আজি পৰ্যন্ত কোনো গুৰুত্ব আৰোপ কৰা নাই তেওঁলোকে ৷ আনহাতে এই বিদ্যালয়সমূহৰ নিৰ্মাণ ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰা সেই সময়ৰ বিত্ত মন্ত্ৰীগৰাকী বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ল ৷ কিন্তু আজি পৰ্যন্ত বিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰা নহ’ল ৷

বৰ্তমান নিৰ্মীয়মান অৱস্থাতে বিদ্যালয়ৰ দেৱালসমূহত বৃহৎ বৃহৎ ফাঁট মেলাত শংকিত হৈ পৰিছে অঞ্চলবাসী ৷ তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে এনে বিদ্যালয় ভৱন কেনেদৰে শিক্ষা গ্ৰহণ কৰিব, যদিহে পাঠদানৰ সময়তে কোনো দুৰ্ঘটনা সংঘটিত হয় তাৰ বাবে দায়ী কোন হ’ব, এইসমূহ বিষয়ে চিন্তিত কৰিছে তেওঁলোকক ৷ এই বিদ্যালয় ভৱনৰ নিৰ্মাণত সংঘটিত অনিয়ম সন্দৰ্ভত তদন্ত কৰিবলৈও দাবী তুলিছে ৰাইজ তথা দল-সংগঠনে ৷

এতিয়া প্ৰশ্ন হয়, মুখ্যমন্ত্ৰী গৰাকীয়ে ৰক্ষা কৰিবনে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতৰ উন্নতি সাধিবলৈ দিয়া প্ৰতিশ্ৰুতি ৷ ব্যৱস্থা গ্ৰহণ কৰিবনে দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰা ঠিকাদাৰ-অভিযন্তাৰ বিৰুদ্ধে ৷ নে এইদৰে ফাঁট মেলা দেৱালত টাপলি মাৰিয়েই আৰম্ভ কৰিব হাজাৰ ছাত্ৰ-ছাত্ৰীৰ উজ্জ্বল ভৱিষ্যত ৷

এইক্ষেত্ৰত দুৰ্নীতি লিপ্ত থকা ঠিকাদাৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া অৱশ্যেই লক্ষণীয় হ'ব ৷

লগতে পঢ়ক : ব্যতিক্ৰমী দৃশ্য : গ'ল্ফ কাৰ্টত উঠি বিধানসভালৈ আহিল জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.