বিশ্বনাথ, 25 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দ্ৰুতগতিত বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ ৷ সমান্তৰালকৈ বিশ্বনাথত জিলাতো তীব্ৰ গতিত বৃদ্ধি পাইছে ক'ভিড -১৯ ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। জিলা খনত আজি পৰ্যন্ত ৮৮ জনকৈ লোকৰ দেহত চিনাক্ত হৈছে কভিড-১৯ অৱস্থিতি। কৰ'ণাৰ এই ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ হৈছে বিশ্বনাথ জিলা প্ৰশাসন ।

জিলাখনত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত বিশ্বনাথ জিলাৰ চৰকাৰী আৰু বে-চৰকাৰী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে পাঠদান বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰে প্ৰশাসনে। দেওবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বিশ্বনাথ জিলাৰ কাৰ্যবাহী দণ্ডাধীশে এক চৰকাৰী নিৰ্দেশনা যোগে ঘোষণা কৰিছে এই বন্ধৰ।
আনহাতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰাৰ লগতে বিহালী বৰগাঙৰ সাপ্তাহিক বজাৰত প্ৰৱেশ কৰা পূৰ্বেই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে বজাৰখনৰ মহলদাৰ সকলে ৷ বিশ্বনাথ জিলাত দেওবাৰৰ দিনটোত ক'ভিডত আক্ৰান্ত হোৱাৰ ৰোগীৰ সংখ্যা ১০০ৰো অতিক্ৰম কৰাৰ কাৰণে এই নিৰ্দেশ জাৰি কৰিছে প্ৰশাসনে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বিদ্যালয় বন্ধৰ নিৰ্দেশ বাহাল থাকিব বুলি জানিবলৈ পৰা গৈছে ।
লগতে পঢ়ক-ৰিতুল শইকীয়াৰ সন্ধান এতিয়াও পোৱা নাই