ETV Bharat / state

মন্ত্ৰী ৰঞ্জিত দত্তক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ - জোলহা উন্নয়ন নিগম

গৰিয়া-মৰিয়া দেশী আৰু জোলহা উন্নয়ন নিগম গঠন দাবীত স্মাৰক পত্ৰ প্ৰদান সংখ্যা লঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তক । সংগঠনটোৰ সাধাৰণ সম্পাদক মইনুল ইছলামৰ নেতৃত্বত এটা সঁজাতি দলে সংখ্যালঘু উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দত্তক বিহালীৰ বাসগৃহত সাক্ষাৎ কৰি স্মাৰক পত্ৰখন প্ৰদান কৰে ৷

all assam goria moria desi jatia parisad

author img

By

Published : Jul 8, 2020, 5:16 AM IST

বিশ্বনাথ, ৭ জুলাই : সোমবাৰে দিনৰ ১১ মান বজাত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মইনুল ইছলামৰ নেতৃত্বত এটা সঁজাতি দলে অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন মন্ত্ৰী ৰঞ্জিত দত্তক সাক্ষাৎ কৰে ৷ সাক্ষাৎকালত মন্ত্ৰী ৰঞ্জিত দত্তক গৰিয়া-মৰিয়া দেশী উন্নয়ন নিগম গঠনৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷

all assam goria moria desi jatia parisad
মন্ত্ৰী ৰঞ্জিত দত্তক স্মাৰক পত্ৰ প্ৰদান সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মইনুল ইছলামৰ নেতৃত্বত এটা সঁজাতি দলে সংখ্যালঘু উন্নয়নৰ দায়িত্বত থকা মন্ত্ৰী ৰঞ্জিত দত্তক বিহালীৰ বাসগৃহত সাক্ষাৎ কৰে ৷ গৰিয়া মৰিয়া দেশী আৰু জোলহা উন্নয়ন নিগম গঠন কৰাৰ বাবে ২০১৯ /২০ বৰ্ষৰ বিত্তীয় বাজেটত ১০০ কোটি টকা ধাৰ্য কৰাৰ কথা ঘোষণা কৰা হৈছিল ৷ তাৰ লগতে সুকীয়া কৈ গৰিয়া মৰিয়া জনগোষ্ঠীৰ কেইটাৰ আৰ্থ- সামাজিক জৰীপৰ বিষয় যোৱা ১১ ফেব্ৰুৱাৰীত দিছপুৰত অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰী বিষয়া কৰ্মচাৰী লগতে গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় সংগঠন সমুহৰ সৈতে আলোচনাত মিলিত হৈ জৰীপ কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছিল ৷

কিন্তু ৪ মাহ উকলিল যদিও চৰকাৰখনে জনগোষ্ঠী কেইটাৰ উন্নয়নৰ বাবে কোনো অগ্ৰণী ভূমিকা গ্ৰহণ নকৰাত মংগলবাৰে পুনৰ এটা সঁজাতি দলে বিভাগীয় মন্ত্ৰী গৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰি শীঘ্ৰে জনগোষ্ঠীকেইটাৰ সুকীয়া জৰীপ কৰাৰ লগতে চৰকাৰে ঘোষণা কৰা প্ৰতিটো কাম কাৰ্যকৰী কৰাৰ দাবী জনায়।

লগতে পঢ়ক : হস্ততাঁত শিপিনী আয় উপাৰ্জন মুখি আচঁনি”ৰ শুভ উদ্বোধন মন্ত্ৰী ৰঞ্জিত দত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.