ETV Bharat / state

বিশ্বনাথৰ হেলেমত পালন আলি আঃয়ে লৃগাং - ali aai ligang

বিশ্বনাথ জিলা হেলেম অঞ্চলৰ বিভিন্ন প্ৰান্তত ফাগুণ মাহৰ প্ৰথম বুধবাৰে মিচিং সকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । পুৱাৰ ভাগত মাংগলিক অনুষ্ঠানৰ লগতে ডেকা গাভৰু সকলে গুমৰাগ নৃত্য কৰি বৃহত্তৰ হেলেম অঞ্চলত উলহ-মালহেৰে উদযাপন কৰে আলি আঃয়ে লৃগাং ।

বিশ্বনাথ
বিশ্বনাথৰ হেলেমত পালন আলি আঃয়ে লৃগাং
author img

By

Published : Feb 20, 2020, 5:09 AM IST

Updated : Feb 20, 2020, 12:36 PM IST

বিশ্বনাথ, 19 ফেব্ৰুৱাৰীঃ বুধবাৰে ৰাজ্যজুৰি পালন অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ জিলা হেলেম অঞ্চলৰ বিভিন্ন প্ৰান্তত ফাগুণ মাহৰ প্ৰথম বুধবাৰে মিচিং সকলে পালন কৰে কৃষি ভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং । পুৱাৰ ভাগত মাংগলিক অনুষ্ঠানৰ লগতে ডেকা গাভৰু সকলে গুমৰাগ নৃত্য কৰা পৰিলক্ষিত হ'ল বৃহত্তৰ হেলেম অঞ্চলৰ টকৌবাৰী, মিছামাৰী, লেপেটা পাৰা, জৰিগুৰি আদি কৰি কুৰিৰো অধিক গাঁৱত উলহ-মালহেৰে উদযাপন কৰা হয় আলি আঃয়ে লৃগাং । পুৱাৰ ভাগত মাংগলিক অনুষ্ঠান সম্পন্ন কৰাৰ পিছতেই পুৰাং আপ্পিন আৰু ছাই মদৰ জুতি লয় বুঢ়া বুঢ়ী আদহীয়া বোৱাৰী সকলোৱে আনন্দ উল্লাসেৰে সম্পন্ন কৰে লৃগাং । মিচিং কঃনেং সকলে ৰিবি গাচেং আৰু য়ামে (ডেকা) সকলে মিবু গালুক সহ জাতীয় সাজ পাৰ পৰিধান কৰি লৃগাঙস্থলীলৈ ওলাই আহে ৷

বিশ্বনাথৰ হেলেমত পালন আলি আঃয়ে লৃগাং

আনহাতে, আলি আঃয়ে লৃগাঙৰ দিনটোত খিলঞ্জীয়াৰ স্বাৰ্থত সদা সচেতন থকা বুলি ফিতাহি মৰা অসম চৰকাৰে চৰকাৰী বন্ধ ঘোষণা নকৰা কাৰ্যক গভীৰ উদ্বেগ প্ৰকাশ কৰে মিচিং সম্প্ৰদায়ৰ লোকসকলে ।

আৰু পঢ়কঃ লখিমপুৰৰ ঘূনাসুঁতিত কেন্দ্ৰীয়ভাৱে উদযাপন আলি আয়ে লৃগাং

Last Updated : Feb 20, 2020, 12:36 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.