ETV Bharat / state

সুদীৰ্ঘ পাঁচ দশকৰ পাচত মিলন হ’ল মাতৃ-পুত্ৰৰ

author img

By

Published : Jan 11, 2022, 6:59 PM IST

বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ গেলাপুখুৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ ৷ কিয়নো পাঁচ দশকৰ পাচত ঘৰলৈ ঘূৰি আহিছে মহেন্দ্ৰ লালা (Mahendra Lala comes back to home after five decades) ৷ পিছে কোন এই মহেন্দ্ৰ লালা ? কিয় চৰ্চাত আহিছে মহেন্দ্ৰ ?

Mother and son meeting at the end of fifty years break
সুদীৰ্ঘ পাঁচ দশকৰ পাচত মিলন মাতৃ-পুত্ৰৰ

বিশ্বনাথ, 11 জানুৱাৰী : সুদীৰ্ঘ পাঁচটা দশকৰ পাচত মিলন মাতৃ-পুত্ৰৰ ৷ আনন্দত আত্মহাৰা হৈ পৰিছে বৃদ্ধ মাতৃ তথা পৰিয়ালৰ আত্মীয় স্বজন ৷ উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ গেলাপুখুৰী গাঁৱৰ মহেন্দ্ৰ লালাৰ বাসগৃহত (Mother and son meet each other five decades) ৷ প্ৰায় 50 বছৰৰ পূৰ্বৰ ১৩ বছৰীয়া মহেন্দ্ৰ লালাৰ বয়স এতিয়া ৬০ বছৰ হ'ল ৷ 60 বছৰ বয়সত মাতৃৰ বুকুৰ উম বিচাৰি উধাতু খাই অৰুণাচল প্ৰদেশৰ পৰা আহিল মহেন্দ্ৰ (Mahendra Lala comes back to home after five decades) ৷ নিজ মাতৃভূমিৰ গোন্ধই যেন টানি আনিছে মহেন্দ্ৰ লালক ৷

ঘটনাৰ স্থান বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ গেলাপুখুৰী গাঁও ৷ প্ৰায় 50 বছৰৰ পূৰ্বৰ ১৩ বছৰীয়া মহেন্দ্ৰ লালা হঠাৎ হৈছিল নিৰুদ্দেশ ৷ তাৰ পাচত পৰিয়াল তথা আত্মীয়-স্বজনৰ মাজত লাগিছিল হাহাকাৰ ৷ 13 বছৰীয়া মহেন্দ্ৰক বিচাৰি সকলো চলাথ কৰিছিল তেওঁৰ পৰিয়ালে ৷ কিন্তু কোনেও ক’তোৱে সূং-সূত্ৰ উলিয়াব নোৱাৰিলে মহেন্দ্ৰৰ ৷

গেলাপুখুৰী গাঁৱত এক উৎসৱমুখৰ পৰিৱেশ

সময় পাৰ হ’ল ৷ বছৰো পাৰ হ’ল ৷ কিন্তু ঘৰলৈহে নাহিল মহেন্দ্ৰ ৷ মাহেন্দ্ৰ মাতৃৰ এটাই আশা সোনকালে যেন ঘূৰি আহে তেওঁৰ সেই 13 বছৰীয়া নিৰুদ্দেশ হোৱা সন্তানটো ৷ ভগৱানৰ ওচৰত শেষ ভৰষা কৰিয়েই মাহৰ পাচত মাহ, বছৰৰ পাচত বছৰ প্ৰতিদিনে পদূলিলৈ বাট চাই ৰ’ল মহেন্দ্ৰৰ মাতৃ ৷

কালৰো কি যে মহিমা ৷ অৱশেষত সুদীৰ্ঘ পাঁচটা দশকৰ মূৰত হঠাৎ গেলাপুখুৰী গাঁওখনত উপস্থিত হ’ল 13 বছৰ বয়সতে নিৰুদ্দেশ হোৱা মহেন্দ্ৰ লালা ৷ তেতিয়াৰ 13 বছৰীয়া মহেন্দ্ৰ এতিয়া 60 বছৰীয়া হ’ল ৷ প্ৰায় 50 বছৰৰ অন্তত নিজ সন্তানক কাষত পাই আনন্দত আত্মহাৰা হৈ পৰিল মহেন্দ্ৰৰ বৃদ্ধা মাতৃ তথা তেওঁৰ পৰিয়ালৰ লোক ৷ সুদীৰ্ঘ বিৰতিৰ অন্তত মহেন্দ্ৰক কাষত পাই বৃদ্ধা মাতৃৰ চকুৱেদি বৈ আহিল আনন্দৰ চকুলো ৷ যেন সুদীৰ্ঘ বিৰতিৰ মূৰত পৰিয়ালটোৱে উদযাপন কৰিছে উৎসৱ ৷

উল্লেখ্য যে, বিহালী সমষ্টিৰ গেলাপুখুৰী গাঁৱৰ মহেন্দ্ৰ লালা নামৰ ১৩ যুৱক জন নিৰুদ্দেশ হৈছিল ৷ তাৰ পাচত হঠাৎ উপস্থিত হৈছিল গৈ অৰুণাচল প্ৰদেশত ৷ অৰুণাচল প্ৰদেশতে সৰুকৈ দোকান দি নিজৰ পেট পুহিছিল লালাই ৷ বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ অসহায় অৱস্থাত পৰি আছিল লালা ৷ তেনে সময়ত অৰুণাচলৰ টেনজিং নামৰ এজন যুৱকে চোৱা চিতা কৰি আছিল লালাক ৷ পৰৱৰ্তী সময়ত এখন অনাথ আশ্ৰমতো ভৰ্তি কৰোৱা হৈছিল তেওঁক ।

সুদীৰ্ঘ পাঁচ দশকৰ পাচত মিলন মাতৃ-পুত্ৰৰ

অনাথ আশ্ৰমত ভৰ্তি কৰাৰ সময়ত লালাৰ নথি পত্ৰ বিচাৰিছিল ৷ তেতিয়া লালাই দিছিল অৰুণাচল প্ৰদেশলৈ যোৱা পাছ ৷ সেই পাছত লিখা আছিল মহেন্দ্ৰ লালাৰ সঠিক ঠিকনা ৷

এই ঠিকনাৰ তথ্য লাভ কৰিছিল শোণিতপুৰ জিলাৰ জামুগুৰিৰ দিলীপ ছেত্ৰীৰ নামৰ লোকজনে । তাৰ পাচতে দিলীপ ছেত্ৰীৰ সহযোগত বিশ্বনাথ গেলাপুখুৰীৰ নিজৰ ঘৰৰ লৈ আহিবলৈ সক্ষম হয় মহেন্দ্ৰ লালা ৷ পাঁচটা দশকৰ মূৰত মাতৃ-ভাতৃ-ভগ্নীৰ লগতে আন আত্মীয়ৰ লগ পাবলৈ সক্ষম হয় মহেন্দ্ৰ লালা ৷ যাৰ বাবে এতিয়া পৰিয়ালটোৰ লগতে উৎফুল্লিত হৈ পৰিছে গাঁওবাসীও ৷

লগতে পঢ়ক : পাঁচ বছৰৰ বিৰতিৰ মূৰত মিলন ঘটিল মাতৃ-পুত্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.