বিশ্বনাথ, 11 অক্টোবৰ : কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে মাৰ্চ মাহত ঘোষণা কৰা লক ডাউনৰ বাবে সমগ্ৰ দেশৰ লগতে বিশ্বনাথৰ বিহালী সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ বৰগাঙৰ সাপ্তাহিক বজাৰখনো সম্পূৰ্ণ ৰূপে প্ৰায় 28 সপ্তাহ বন্ধ হৈ আছিল ৷ কিন্তু প্ৰশাসনৰ শেহতীয়া নিয়ম অনুসৰি, সাপ্তাহিক বজাৰখন খোলাৰ অনুমতি প্ৰদান কৰিছে ৷
বজাৰখনৰ মহলদাৰে বজাৰৰ দুৱাৰ মুখতে প্ৰতিগৰাকী গ্ৰাহকক মাস্ক প্ৰদান কৰা লগতে ব্যৱসায়ী সকলক মাস্ক চেনিটাইজাৰৰ যোগান ধৰে । আনহাতে, দীৰ্ঘদিনৰ মূৰত বজাৰখন মুকলি হোৱাত ব্যৱসায়ীসকলে কিছু সকাহ পোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়ক : স্তন কেন্সাৰ সজাগতা মাহ উপলক্ষে হেল্থ চিটিৰ উদ্যোগত বাইক ৰেলী