বিশ্বনাথ 11 ছেপ্টেম্বৰ : ২০২১ চনৰ বিধান সভা নিৰ্বাচনলৈ মাথো কেইটামান মাহ বাকী থকা সময়তে বিভিন্ন ৰাজনৈতিক দলে নিজৰ নিজৰ দলীয় কাম-কাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । শাসকৰ পৰা বিৰোধী সকলো দলৰ কৰ্মী এতিয়া ব্যস্ত আগন্তুক ২০২১ চনৰ বিধান সভা নিৰ্বাচনৰ অংকক লৈ । নিজ দলৰ যোগ্য প্ৰাৰ্থী বাচনি অভিযানৰ অংশ হিচাপে অসমৰ বিভিন্ন সমষ্টিত ৰাজনৈতিক দল সমূহৰ প্ৰতিনিধি উপস্থিত হোৱা দেখা গৈছে ।
![2021 Assam election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-10-seb-aap-meeting-ghopur-photo-scrpt-as10018_10092020174744_1009f_1599740264_43.jpg)
অহা বিধান সভাৰ নিৰ্বাচনত আম আদমী পাৰ্টি চমুকৈ আপে অসমৰ প্ৰায় প্ৰতিটো সমষ্টিতে প্ৰাৰ্থীত্ব দিয়া সম্ভাৱনা আছে । বুধবাৰে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় পৰ্যবেক্ষক ৰাজেশ শৰ্মা, অসম ৰাজ্যিক সমন্বয়ক ড০ ভবেন চৌধুৰী আৰু সমাজিক প্ৰচাৰ মাধ্যম অসমৰ মুৰব্বী লক্ষ্মীকান্ত ডুবেয়ে গহপুৰ সমষ্টিৰ দলীয় কৰ্মকৰ্তা সকলৰ এখনি প্ৰতিনিধি সভা আয়োজন কৰে ।
![2021 Assam election](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-biswanath-801-10-seb-aap-meeting-ghopur-photo-scrpt-as10018_10092020174744_1009f_1599740264_382.jpg)
এই সভাতে দলটোৱে আগন্তুক বিধান সভা নিৰ্বাচনৰ কাৰ্যপন্থা সম্পৰ্কে এক আলোচনা মিলিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : অইলৰ অভিযন্তাৰ মৃত্যুৰ পিচতে মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া