ETV Bharat / state

বিশ্বনাথৰ ভিন্ন স্থানত আলি আয়ে লৃগাং উদযাপন - মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ

বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত আলি আয়ে লৃগাং উদযাপন । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপন কৰে মিচিং জনগোষ্ঠীৰ লোকসকলে ।

বিশ্বনাথৰ ভিন্ন স্থানত আলি আয়ে লৃগাং উদযাপন

author img

By

Published : Feb 17, 2021, 8:34 PM IST

বিশ্বনাথ ১৭ ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰৰ পৰা বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত আলি আয়ে লৃগাং উদযাপন কৰা হয় । ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং উদযাপন কৰে মিচিং জনগোষ্ঠীৰ লোকসকলে । বিশ্বনাথৰ বিভিন্ন অঞ্চলৰ লগতে বিহালী, গহপুৰ সমষ্টিৰ শঁকুৰা উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণ আৰু তিনিঘৰীয়াতো উদযাপন কৰা হয় আলি আয়ে লৃগাং ।

বিশ্বনাথৰ ভিন্ন স্থানত আলি আয়ে লৃগাং উদযাপন
বিশ্বনাথৰ ভিন্ন স্থানত আলি আয়ে লৃগাং উদযাপন

আলি আয়ে লৃগাঙৰ প্ৰতিটো কোণতে মহত্ত্বপূৰ্ণ আৰু সৃষ্টিমূলক জ্ঞানৰ সম্ভাৰেৰে পৰিৱেষ্টিত হৈ থাকে, যাৰ সৈতে মিচিং সমাজৰ সাংস্কৃতিক দিশটো সাঙোৰ খাই থাকে ৷ সৃষ্টিৰ সফলতাৰ আনন্দত পঞ্চমুখ হৈ হিয়া উজাৰি সুললিত, সুশ্ৰাৱ্য ভাষাৰে, সুকুমাৰ অঙ্গী- ভংগীৰে আলি আয়ে লৃগাঙৰ জড়িয়তে মিচিং সমাজে একত্ৰিত হৈ দঃঞিঃ পঃলঃক সোঁৱৰি প্ৰকৃতিৰ নুমলী জীয়াৰী অসমী আইক সকলো সম্ভাৰেৰে ঐশ্বৰ্যশালী কৰি তুলিবলৈ সেৱা নিবেদন কৰে ৷

ইফালে বিহালী সমষ্টিৰ বিহমাৰীত উদযাপন কৰা কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাংত অংশগ্ৰহণ কৰে সমষ্টিটোৰ বিধায়ক তথা অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্তই ।

লগতে পঢ়ক:গোৱালপাৰাত মুকলি 'কস্তুৰবা গান্ধী বালিকা বিদ্যালয়'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.