ETV Bharat / state

ইতিহাস প্ৰসিদ্ধ গুপ্তকাশীৰ কথাৰে...

বিশ্বনাথৰ এখন বিশেষ দেৱালয় ৷ ১৯৫০ চনৰ ভূমিম্পইও ক্ষয় ক্ষতি কৰিব নোৱাৰিলে যি খন দেৱালয় ৷ এই দেৱালয় খন আছে ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে অৱস্থিত বিশ্বনাথ চাৰিআলি চহৰৰ পৰা ১০ প্ৰায় কিলোমিটাৰ নিলগত ৷ যাক জনা যায় গুপ্তকাশী নামেৰে ৷

a vision on gupto kashi
a vision on gupto kashi
author img

By

Published : Aug 11, 2020, 11:05 PM IST

বিশ্বনাথ, 11 আগষ্ট : গুপ্তকাশী বিশ্বনাথৰ এক প্ৰসিদ্ধ পুণ্য তীৰ্থ আৰু পৰ্যটকৰ বাবে অতি আকৰ্ষণীয় ঠাই । কিংবদন্তি মতে বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত এই বিশ্বনাথ গুপ্তকাশী হিচাপে জনাজাত হয় । আন এক কিংবদন্তি মতে আকৌ উনুকোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্ৰ বিশ্বনাথক পূৰ্ণ কাশী হিচাপে আজিও সকলোৱে বিশ্বাস কৰে । পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতা সকলে এটা শিৱলিংগ বিশ্বনাথৰ পৰা চুৰি কৰি নি ব্ৰহ্মপুত্ৰৰ সিপাৰে হাতীমূৰা পাহাৰৰ কাষত থাপিছিলগৈ । সেইবাবে বিশ্বনাথক এক কোটিলৈ এটা শিৱলিংগ কম থকা উনকোটি শিৱৰ স্থান বুলি কয় ।

বিশ্বনাথৰ মূল শিৱ লিংগ থকা প্ৰাচীন এই মন্দিৰভাগ বুঢ়ীগাং নদী আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত আছিল ৷ তেজপুৰৰ হাৰূপেশ্বৰত ৰাজধানী পাতি শাসন কৰা শালস্তম্ভ বংশৰ ৰজাসকলৰ দিনতে প্ৰায় ৬৫০-৯৯০ চনৰ ভিতৰত পোন প্ৰথমে বিশ্বনাথত শিৱৰ নামত শৈলমন্দিৰ নিৰ্মাণ কৰা হৈছিল বুলি বহু লোকে ক’বলৈ বিচাৰে ‌। ১৬১৫ চনৰ পৰা ১৬২০ চনৰ ভিতৰত প্ৰাচীন শৈল মন্দিৰটো ভাগি পৰাত ১৬২১ চনত প্ৰতাপ সিংহই মোমাই তামুলী বৰবৰুৱাৰ হতুৱাই বিশ্বনাথ মন্দিৰ নিৰ্মাণ কৰে বুলি স্থানীয় লোকে প্ৰকাশ কৰে ।‌ প্ৰতাপ সিংহৰ দিনত বিশ্বনাথ মন্দিৰটো সম্ভৱতঃ ভাগি পৰাত প্ৰমত্ত সিংহ স্বৰ্গদেৱে ১৭৫০ চনত খাপনা দ’ল নামেৰে বুৰঞ্জীত পৰিচিত বিশ্বাথ দ’লটো সুউচ্চকৈ নিৰ্মাণ কৰে ।

ব্ৰহ্মপুত্ৰৰ বানত এই মন্দিৰ ধ্বংশ প্ৰাপ্ত হয় আৰু পুনৰ নিৰ্মাণৰ অনুপযুক্ত হোৱাত স্বৰ্গদেউ লক্ষ্মী সিংহই ১৭৭৪ চনত পুৰণি পীঠৰ পৰা ২০০ মিটাৰমান পশ্চিমে বৰ্তমানৰ ঠাইত নতুনকৈ সামান্য ৰূপত বিশ্বনাথ মন্দিৰ সজায় । কিন্তু মানৰ আক্ৰমণৰ সময়ত এই মন্দিৰৰ সোণৰ কলচি ভাঙি নিয়াৰ উপৰিও অপবিত্ৰ কৰাত এই মন্দিৰ পৰিত্যক্ত হয় আৰু সেয়েহে ইয়াৰ কাষতে পুনৰ ইংৰাজৰ দিনত আধুনিক বিশ্বনাথ দেৱালয় প্ৰতিষ্ঠা কৰা হয় ।

বিশ্বনাথ মন্দিৰৰ কাষতে ‘ভালুক গোসাঁই’ নামৰ শিলত কটা এটা মূৰ্তি আছে।প্ৰায় ১০০ ছেঃ মিঃ মান ওখ বৰ্গক্ষেত্ৰাকাৰ চৰ্তুদিশে সিংহৰ দৰে মুখ থকা মূৰ্তিটোৰ মধ্য-শীৰ্ষাংশৰ এটা স্তূপ আকৃতিৰ । এনে ধৰণৰ প্ৰতিমূৰ্তি অসমৰ আন কোনো ঠাইতে পোৱাৰ সম্ভেদ নাই । জনবিশ্বাস মতে কিবা বস্তু হেৰালে ভালুক গোসাঁই থানত চাকি দিলে,হেৰুৱা বস্তু ঘূৰাই পায় ।

বাৰিষা পানীৰ তলত সোমাই থকা বিশ্বনাথৰ লিংগ খৰালি কালত বালি খান্দি উলিওৱা হয় ৷ তাতেই এটি অস্থায়ী ঘৰ সাজি আঘোণ মাহত শুভদিন চাই পূজা কৰা হয় ৷ বহাগ বিহুৰ ‘গোসাঁই বিহু’ৰ দিনালৈকে দৈনিক পূজা হয় এই লিংগত । বুঢ়ীগাঙৰ পাৰত বামৰ বিশ্বনাথ মন্দিৰৰ কিছু দূৰৈত এটা ডাঙৰ শিল আছে যিটোক ‘বৰলা শিল’ বুলি কোৱা হয় । অকলশৰীয়াকৈ থকাৰ বাবে এই শিলৰ নাম বৰলাশিল হৈছে ।

বিশ্বনাথ ঘাটত ব্ৰহ্মপুত্ৰৰ মাজত উমাটুমনি নামৰ এটা সৰু টিলাময় দ্বীপ আছে । য’ত উমাদেৱীৰ মন্দিৰৰ লগতে আছে অনে মন্দিৰৰ সমষ্টি৷ চক্ৰেশ্বৰ,হৰিহৰ,কৰ্দমেশ্বৰ,বাসুদেৱ,নাংগলেশ্বৰ,ভৈৰৱেশ্বৰ,সিদ্বেশ্বৰ, বানেশ্বৰ আদি কেইবাখনো দেৱালয় আছে এই উমাটুমনি দ্বীপত ৷

ইতিহাস প্ৰসিদ্ধ গুপ্তকাশীৰ কথাৰে...

বিশ্বনাথ মন্দিৰৰ অলপ দক্ষিণত ব্ৰহ্মপুত্ৰৰ পাৰত এটা প্ৰকাণ্ড শিলাখণ্ডৰ ওপৰত অৱস্থিত চণ্ডী মন্দিৰ ৷ এই মন্দিৰ বিশ্বনাথ মন্দিৰৰ সমসাময়িক বুলি কোৱা হয় । চণ্ডীমন্দিৰৰ ১৩ মিটাৰ মান পশ্চিমত সূৰ্য-মাধৱ দেৱালয় অৱস্থিত । ১৬৮৫ চনতে গদাধৰ সিংহই সূৰ্য-মাধৱ দেৱালয় সজাইছিল । ইয়াৰ অলপ আঁতৰত ব্ৰহ্মপুত্ৰৰ দাঁতিত আছে মুক্তিনাথ দেৱালয় । বিশ্বনাথত আহোম যুগৰ সৰ্বশেষ কীৰ্তিচিহ্ন হিচাপে চিহ্নিত এই মন্দিৰ স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই ১৮১৫ চনত নিৰ্মাণ কৰাইছিল । মুক্তিনাথ দেৱালয়ৰ পশ্চিমে আছে কমলেশ্বৰ শিৱ দেৱালয় । ১৮০০ চনত কমলেশ্বৰ সিংহই এই দেৱালয় সজাইছিল ।

চণ্ডী মন্দিৰৰ সমীপতে উত্তৰ-পশ্চিমত আছে বাণেশ্বৰ বৰদ’ল । বিশ্বনাথ ক্ষেত্ৰত বৰ্তমান পোৱা সকলোতকৈ ডাঙৰ আৰু পূৰ্ণাংগ ৰূপত থকা এই দ’লটিৰ শিৱ লিংগ বাণ ৰজাই স্থাপন কৰিছিল বুলি জনা যায় । প্ৰায় ১৮ মিটাৰ ওখ এই দ’লটো ১৭৫৯ চনত ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল । বিশ্বনাথ ক্ষেত্ৰৰে অন্তৰ্গত বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় ১০ কিলোমিটাৰ । বিশ্বনাথ ক্ষেত্ৰত মূল বিশ্বনাথকে ধৰি 27 খন দেৱালয়ৰ ভিতৰত এঘাৰটা মন্দিৰ আহোম যুগত নিৰ্মাণ কৰা হৈছিল । বৰ্তমান বামৰ আৰু পানীৰ বিশ্বনাথ,উমা,চণ্ডী,মুক্তিনাথ,বাণেশ্বৰ বৰদ’ল,সূৰ্য-মাধৱ,কমলেশ্বৰ আৰু বুঢ়া মাধৱ দেৱালয়ত পূজা-উৎসৱ আদি অনুস্থিত হৈ থাকে ।

গুৰুত্বপূৰ্ণ কথাটো হ'ল দেৱালয় খন চাৰিওফালে থকা বেৰবোৰ একমাত্ৰ মাটিৰে নিৰ্মিত । প্ৰায় ১৫০ বছৰীয়া পূৰ্বৰৰ পৰাই দেৱালয় খনৰ সংৰক্ষণ আৰু চোৱা চিতা কৰি আহিছে বিশ্বনাথ ঘাটৰ গোলোক বৰঠাকুৰ পৰিয়াল বৰ্গই । বৰ্তমান দেৱালয় খন জহি সহি যোৱাত চিন্তিত হৈ পৰিছে গোলোক বৰঠাকুৰ পৰিয়ালটো । এই দৰে পৰিত্যক্ত অৱস্থা দেখি দেৱালয় খন পুনৰ নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে বিশিষ্ট সমাজ সেৱিকা স্নিগ্ধা গোস্বামী হাজৰিকা ।

উল্লেখযোগ্য যে, গোস্বামীৰ পৰিয়াল বৰ্গ তথা গ্ৰীণ আচিয়ানা ৱেলফাৰ চচাইটিয়ে পূৰ্বেও বিশ্বনাথৰ ২৭ খন পৰিত্যক্ত দেৱালয়ৰ ভিতৰত ৪ খন দেৱালয় ইতিমধ্যে পুনৰ নিৰ্মাণ কৰি ৰাইজলৈ আগবঢ়াই দিছে । এনে দৰে পৰিত্যক্ত অৱস্থাত থকা দেৱালয়খন পুনৰ নিৰ্মাণ কৰিবলৈ উলাই অহা পদক্ষেপক স্থানীয় ৰাইজে গোস্বামী পৰিয়াল বৰ্গ ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : লক্ ডাউনৰ মাজতে দুহেজাৰটা বাঁহী নিৰ্মাণ যোৰহাটৰ পাৰ্থপ্ৰতিমৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.