ETV Bharat / state

বিশ্বনাথত বন বিভাগৰ জালত বৃহৎ পৰিমাণৰ অবৈধ কাঠ - কাঠৰ কুণ্ডা

জব্দ কৰা কাঠৰ কুণ্ডা পৰিমাণ প্ৰায় প্ৰায় ৫১ টাতকৈ অধিক হ’ব বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই । ইফালে জব্দ কৰা কাঠৰ কুণ্ডা সমূহ বিহালী বৰগাং বিভাগৰ কাৰ্যালয়লৈ আনি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।

বিশ্বনাথত বন বিভাগৰ জালত বৃহৎ পৰিমাণৰ অবৈধ কাঠ

author img

By

Published : Mar 31, 2021, 9:30 PM IST

বিশ্বনাথ ৩১ মাৰ্চ: বুধবাৰে পূৰ্ব শোণিতপুৰ বন সংমণ্ডলৰ অধীনৰ অসম অৰুণাচল সীমান্ত বৰঝাৰণিৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে । বিশ্বনাথ চাৰিআলি পূৰ্ব শোণিতপুৰ বন সংমণ্ডলৰ এচিএফ নন্দ কুমাৰ আৰু এচিএফ বিশ্বজিৎ দাসৰ লগতে বৰগাং ভাৰপ্ৰাপ্ত বন বিষয়া সুজিত নৰহৰ নেতৃত্বত যোৱা এটি বন কৰ্মী দলে অসম অৰুণাচল সীমান্ত বৰঝাৰণি পৰা বৃহৎ পৰিমাণৰ অবৈধ ভাৱে মজোত কৰি ৰখা কাঠৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় ।

বিশ্বনাথত বন বিভাগৰ জালত বৃহৎ পৰিমাণৰ অবৈধ কাঠ

জানিব পৰা মতে, অবৈধ কাঠ ব্যৱসায়ীয়ে উক্ত কাঠৰ কুণ্ডাসমূহ মজুত কৰি ৰাখিছিল । জব্দ কৰা কাঠৰ কুণ্ডাৰ পৰিমাণ প্ৰায় প্ৰায় ৫১ টাতকৈ অধিক হ’ব বুলি প্ৰকাশ কৰিছে বন বিভাগৰ সূত্ৰই । ইফালে জব্দ কৰা কাঠৰ কুণ্ডাসমূহ বিহালী বৰগাং বিভাগৰ কাৰ্যালয়লৈ আনি তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।

নিৰ্বাচনৰ সুযোগ লৈ একাংশ চোৰাং কাঠ ব্যৱসায়ে অবৈধ কাঠৰ ৰমৰমীয়া ব্যৱসায় চলাবলৈ চেষ্টা কৰিছিল যদিও সেয়া সফল হ'বলৈ দিয়া নহ'ল বুলি এচিএফ নন্দ কুমাৰে প্ৰকাশ কৰে সংবাদ মাধ্যমৰ আগত । বন বিভাগৰ পৰা জানিব পৰা মতে, উক্ত কাঠৰ কুণ্ডাসমূহৰ মূল্য প্ৰায় ১ পৰা ২ লাখ হ'ব ।

লগতে পঢ়কঃ বাক্যবাণ: হিমন্ত বিশ্ব শৰ্মা বনাম অজিত কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.