বিহপুৰীয়া, 17 জুলাই : ৰাজ্যৰ আৰক্ষী তথা আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই থকাৰ পিছতো বহু কেইখন জিলাত অব্যাহত আছে বৰবিহ সদৃশ চুলাইৰ অবৈধ বেহা ৷ ইয়াৰ মাজতে বিহপুৰীয়াৰ এখন জনজাতীয় গাঁৱৰ লোকসকলে চুলাই মদৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ এক আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে ৷ ৰাজ্য চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিহপুৰীয়া নগৰৰ দক্ষিণ প্ৰান্তত থকা মিচিং জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান দুই নং দহঘৰীয়া গাঁৱখন এতিয়া চুলাইমুক্ত গাঁও হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে ৷ গাঁওখনত থকা গাঁও উন্নয়ন সমিতিৰ লগতে যুৱক সংঘ,গাঁওৰক্ষী বাহিনী আৰু মিচিং জাতীয় সংগঠনৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাত গাৱঁখনৰ পৰা চুলাই মদৰ বেহা সম্পূৰ্ণৰূপে নিঃশেষ হৈছে ৷
কেৱল চুলাই মদেই নহয় গাঁৱখনত বিলাতী অথবা অৰুণাচলী সুৰাৰ প্ৰচলনৰ লগতে জুৱাৰ আড্ডাও নিষিদ্ধ ঘোষণা কৰিছে গাঁওবাসীয়ে ৷ লগতে গাঁৱত চুলাই মদ অথবা অবৈধ সুৰাৰ বেহা চলোৱা তথা জুৱাৰ আড্ডা বহুৱাব খোজাসকলৰ বিৰুদ্ধে অৰ্থদণ্ড বিহা অথবা সমাজচ্যুত কৰাৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে ৷ গাঁওখনক চুলাই মুক্ত গাঁও হিচাপে ৰাজহুৱা ঘোষণা কৰাৰ পূৰ্বেই গাঁওবাসীয়ে গাঁওখনত বিশুদ্ধ খোৱা পানীৰ বাবে ফিল্টাৰৰ প্ৰয়োজনীয়তা তথা ফিল্টাৰ প্ৰস্তুতেৰে সজাগত সৃষ্টিৰ প্ৰয়াস কৰিছে ৷ লগতে গছপুলি ৰোপনেৰে গাৱঁখনত এক সুন্দৰ বাতাবৰণ গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে ৷
উল্লেখ্য যে, শেহতীয়াকৈ কেইবাখনো জিলাত চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত ভয়াৱহ ভাৱে বৃদ্ধি পাইছিল ক'ভিডত আক্ৰান্তৰ সংখ্যা ৷ যাৰ বাবে চুলাইৰ বেহা তাৎক্ষণিক ভাৱে বন্ধ কৰাৰ আহ্বান জনাইছিল ৰাজ্য চৰকাৰে ৷ সমান্তৰালকৈ বিশ্বনাথত জিলাত উপস্থিত হৈ জিলাখনৰ গাঁও অঞ্চলত অব্যাহত থকা চুলাইৰ অবৈধ বেহা বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল বিশ্বনাথৰ অভিভাৱক মন্ত্ৰী পীষুষ হাজৰিকাই ৷
লগতে পঢ়কঃ বৰপেটাৰোডত গাঞ্জাসহ আটক এজন লোক