বিশ্বনাথ, 24 মে': কৰ’ণা আতংকৰ মাজতেই বিশ্বনাথ জিলাত এটি নৱজাতকৰ বিনা চিকিৎসাত মৃত্যুৰ ঘটনাই বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ ঘটনা অনুসৰি তিনিদিন পূৰ্বে বিশ্বনাথ জিলাৰ ধুলিত জন্মগ্ৰহণ কৰা নৱজাতকটি অসুস্থ হৈ পৰাত ততাতৈয়াকৈ বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷
কিন্তু চিকিৎসালত নিয়োজিত একমাত্ৰ শিশু চিকিৎসক গৰাকী উপস্থিত নথকাত ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও শিশু চিকিৎসক নোপোৱাত চিকিৎসা ভিক্ষা কৰি ভাগৰি পৰে ধুলি খেৰবাৰীৰ ৰজনী চনাৰ পাটৰ নামৰ মহিলা গৰাকীয়ে ৷ অৱশেষত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি ল’ব লগা হয় শিশুটি ৷ তিনিদিন পূৰ্বে জন্মগ্ৰহণ কৰা বিনা চিকিৎসাত শিশুটিৰ মৃত্যুত বিশ্বনাথ জিলাৰ স্বাস্থ্য বিভাগৰ স্পষ্ট ছবি উদঙাইছে ৷
উল্লেখযোগ্য যে বিশ্বনাথ জিলাৰ এখন অতি গুৰুত্বপূৰ্ণ চিকিৎসালয়ত মাত্ৰ ৮ জন চিকিৎসকে দিন ৰাতি সেৱা কৰি থকা চিকিৎসালয়ত অভাৱ শিশু চিকিৎসকৰ ৷ মাত্ৰ এজন শিশু চিকিৎসকেই ২৪ ঘন্টা সময় দিব লাগে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ৷ যাৰ ফলত বিভিন্ন সময়ত সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে চিকিৎসা কৰ্মীসকলে ৷ ইয়াৰবাবে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত শিশু চিকিৎসকৰ অভাৱত দৈনিক মৃত্যু মুখত পৰিব লগা হৈছে নৱজাতক শিশু ৷
ইফালে ঘটনাটোক লৈ মন্তব্য় আগবঢ়াইছে চিকিৎসালয়ৰ এগৰাকী চিকিৎসকে ৷ শিশুটিক ভৰ্তি কৰোৱাৰ পাছত চিকিৎসক এগৰাকীয়ে প্ৰাথমিক চিকিৎসা আগবঢ়োৱাৰ পাছত ব্যক্তিগত চিকিৎসালয়লৈ লৈ যাব বুলি পঞ্জীয়নৰ বহীত চহী কৰি লৈ যায় বুলি মন্তব্য় কৰে চিকিৎসকগৰাকীয়ে ৷
লগতে পঢ়ক :জাগীৰোড ষ্টেচনৰ পৰা পলাতক 32 যাত্ৰীৰ ক’ভিড পৰীক্ষা সম্পন্ন