ETV Bharat / state

Child Death : মৃত পুত্ৰক বুকুত সাৱটি হিয়া ধাকুৰি কান্দিছে মাতৃয়ে

author img

By

Published : Nov 14, 2021, 9:03 PM IST

এক হৃদয় বিদাৰক দৃশ্য ৷ পুত্ৰত সাৱটি এগৰাকী মাতৃৰ হায়ৈ-বিয়ৈ বিশ্বনাথ অসামৰিক চিকিৎসালয় চৌহদত ৷ কিয় 4 বছৰীয়া পুত্ৰক সাৱটি হায়ৈ-বিয়ৈ কৰিব লগাত পৰিছে মহিলাগৰাকীয়ে ?

a Child Death at Bishwanath Civil Hospital
মৃত পুত্ৰক বুকুত সাৱটি মাতৃয়ে বকিছে প্ৰলাপ

বিশ্বনাথ, ১৪ নৱেম্বৰ : ‘‘অ বাবা উঠ অ’ ৷ উঠ অ’ বাবা ৷ মোৰ ল’ৰা শুই আছে ৷ ইহঁতে মোৰ পোৱালিটো বেজী দি কেনেকুৱা অৱস্থা কৰি পেলাইছে’’ ৷ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন ৷ মৃত সন্তানক কোলাত লৈ এগৰাকী মাতৃয়ে কৰিছে হায়ৈ বিয়ৈ ৷ কোনে কাক দিব সান্তনা ? কাৰো মুখত নাই উত্তৰ ৷ সকলোৰে চকুত মাথো চকুলো ৷

ঘটনাৰ স্থান বিশ্বনাথ চাৰিআলি মহকুমা অসামৰিক চিকিৎসালয় চৌহদৰ ৷ 4 বছৰীয়া শিৱা চেত্ৰী নামৰ এটি শিশুৰ শাৰীৰিক অসুস্থতাৰ বাবে শনিবাৰে সন্ধিয়া পিতৃ কৃষ্ণ চেত্ৰী আৰু মাতৃ ৰুমী চেত্ৰীয়ে বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ আনিছিল ৷ কিন্তু দুৰ্ভাগ্যবশত মৃত্যুক আকোঁৱালি লয় শিশুটিয়ে ৷ মৃত শিশুটিৰ পিতৃ-মাতৃৰ অভিযোগ, একমাত্ৰ চিকিৎসকৰ গাফিলতিৰ বাবেই মৃত্যু হ’ল কণমাণিটিৰ ৷

লগতে পঢ়ক : Ambush In Manipur : সুমন স্বৰ্গীয়াৰীৰ মৃত্যুৰ খবৰত শোকস্তব্ধ বাক্সা

ইফালে মৃত শিশুটিৰ পিতৃ-মাতৃৰ অভিযোগ নস্যাৎ কৰিছে হাস্পতাল কৰ্তৃপক্ষই ৷ চিকিৎসকে উল্লেখ কৰা অনুসৰি, চিকিৎসকৰ গাফিলতিৰ বাবে নহয়, শিশুটিৰ অভিভাৱকৰ ভুলৰ বাবেহে মৃত্যু হ’ল শিশুটিৰ ৷ কাৰণ মৃত শিশুটিক চিকিৎসালয়ত বহু পলমকৈ অনাৰ বাবেহে এনে ঘটনা সংঘটিত হ’বলৈ পাইছে ।

এতিয়া প্ৰশ্ন হয়, কাৰ ভুলৰ বাবে মৃত্যু হ’ল কণমাণি শিৱা চেত্ৰীৰ ? সঁচাকৈয়ে চিকিৎসকে চিকিৎসাৰ ক্ষেত্ৰত কৰিছিল নেকি গাফিলতি ? এয়া এক উত্তৰ বিহীন প্ৰশ্ন হৈ পৰিছে ৷

লগতে পঢ়ক : Ogran trafficking : চিকিৎসকৰ গ্ৰেপ্তাৰৰ পাচত পোহৰলৈ আহিছে ন ন তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.