ETV Bharat / state

77th Independence day:বিশ্বনাথ মহকুমা প্ৰশাসনৰ উদ্যোগত 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন

বিশ্বনাথ মহকুমা প্ৰশাসনৰ উদ্যোগত উদযাপন কৰা হয় 77 সংখ্যক স্বাধীনতা দিৱস ৷ পতাকা উত্তোলন কৰে অতিৰিক্ত আয়ুক্ত ড° নেহা যাদৱে ৷

author img

By

Published : Aug 15, 2023, 5:41 PM IST

77th independence day
স্বাধীনতা দিৱস উদযাপন
স্বাধীনতা দিৱস উদযাপন

বিশ্বনাথ, 15 আগষ্ট : সমগ্র দেশৰ লগতে বিশ্বনাথ মহকুমা প্ৰশাসনৰ উদ্যোগতো দেশৰ 77 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয় । বিশ্বনাথ মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখৰ কাছাৰী ময়দানত দিনজোৰা কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ আয়োজন কৰে বিশ্বনাথ মহকুমা প্ৰশাসনে । কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে বিশ্বনাথৰ মহকুমাধিপতি তথা বিশ্বনাথৰ অতিৰিক্ত আয়ুক্ত ড° নেহা যাদৱে জাতীয় পতাকা উত্তোলন কৰে ।

ইয়াৰ পিচতে শ্বহীদ আৰু মুক্তিসেনানীসকলক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে প্ৰতি গৰাকী পুৰুধা ব্যক্তিলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰি নিজৰ ভাষণ আগবঢ়াই ড° নেহা যাদৱে ৷ চলিত বৰ্ষৰ বৰ্তমানৰ চৰকাৰখনে সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা, স্বাধীনতা দিৱসৰ এই বিশেষ দিনটোত বিভিন্ন বিভাগৰ জৰিয়তে গ্ৰহণ কৰা কাম, ৰাজ্য চৰকাৰ আৰু বিশ্বনাথ জিলা প্ৰশাসনে বিগত সময় চোৱাত বিভিন্ন বিভাগৰ জৰিয়তে গ্ৰহণ কৰা অভিলাষী আঁচনিসমূহৰ এক চমু খতিয়ান তেওঁ দাঙি ধৰে অনুষ্ঠানটোত ।

বিভিন্ন সময়ত প্ৰশাসনক সকলো প্ৰকাৰে সহায়ৰ হাত আগবঢ়োৱা বিভিন্ন ৰাজনৈতিক দল, সংগঠন, বেচৰকাৰী অনুষ্ঠান, প্ৰতিষ্ঠান প্ৰমুখ্যে বিশ্বনাথবাসী প্ৰতিগৰাকী ব্যক্তিলৈ প্ৰশাসনৰ তৰফৰ পৰা তেওঁ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । স্বাধীনতা দিৱসৰ এই অনুষ্ঠানত বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱাৰ লগতে বহু গণ্য মান্য ব্যক্তিৰ উপস্থিতিত জিলা আৰক্ষীৰ প্ৰশাসনিক পুৰুষ আৰু মহিলা অসম আৰক্ষী বাহিনী, গৃহৰক্ষী বাহিনী, বিশ্বনাথ মহাবিদ্যালয়ৰ এনচিচি ছাত্ৰ-ছাত্ৰীৰ গোট, জৱাহৰ নৱোদয় বিদ্যালয়ৰ কেইবাটাও দলে কুচকাৱাজত অংশগ্ৰহণ কৰে ।

স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত কেইবাখনো শিক্ষানুষ্ঠান, সংগীতানুষ্ঠান, অনুষ্ঠান-প্ৰতিষ্ঠান, শিল্পী আৰু দলে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰে ৷ সমগ্ৰ কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়-সহযোগিতাৰ বাবে সকলো ৰাইজকে মহকুমা প্ৰশাসনে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক : 77th independence day: শিৱসাগৰত পতাকা উত্তোলন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.