ETV Bharat / state

বৃদ্ধ বয়সতো শিল্প কৰ্মত যতি পৰিব নিদিয়া দুগৰাকী জ্যোতি - মুকুন্দ কাকতি

73 আৰু 80 বছৰ গৰকা দুগৰাকী ব্যক্তি ৷ বয়সৰ ওচৰত যেন হাৰ আজিও হাৰ মনা নাই দুই বয়োজ্যেষ্ঠ ব্যক্তিয়ে ৷ তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাইছে নৱ-নৱ সৃষ্টিয়ে ৷ কোন এই দুজন বয়োজ্যেষ্ঠ শিল্পী ? চাওক আমাৰ এই বিশেষ প্ৰতিবেদন...

70 and 80 years old sculpture's amazing works amaze people
বৃদ্ধ বয়সতো শিল্প কৰ্মত যতি পৰিব নিদিয়া দুগৰাকী জ্যোতি
author img

By

Published : Jul 6, 2021, 5:19 PM IST

Updated : Jul 6, 2021, 7:31 PM IST

বিশ্বনাথ/মৰাণ, 6 জুলাই: ৮০ বছৰ বয়সতো শিল্প সাধনা অব্যাহত ৰাখিছে গহপুৰৰ এগৰাকী ব্যক্তিয়ে । কৰ’ণা সৃষ্ট পৰিৱেশৰ জটিল পৰিস্থিতিৰ মাজতো কৰি গৈছে নিজৰ কৰ্মৰাজি ৷ 80 বছৰ গৰকা ককাৰ নাম লোকশ্বৰ বৰদলৈ ৷

80 বছৰ বয়সতো শিল্পী লোকশ্বৰ বৰদলৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শ্বহীদ কনকলতা, সতী সাধিনী, মুকুন্দ কাকতিকে ধৰি অসম গৌৰৱ এশিঙীয়া গঁড় ইত্যাদি ৷ বয়সে হাৰ মনাব নোৱাৰা এই গৰাকী শিল্পীৰ আছে অদম্য কৰ্মস্পৃহা ৷ যাৰ ফলস্বৰূপে এই বৃদ্ধ বয়সতো নিজৰ শিল্প কৰ্মৰ জৰিয়তে দুপইচা উপাৰ্জন কৰি চলাই গৈছে পৰিয়াল ৷

বৃদ্ধ বয়সতো শিল্প কৰ্মত যতি পৰিব নিদিয়া দুগৰাকী জ্যোতি

শিল্পীগৰাকীৰ ভাস্কৰ্য শিল্পকৰ্ম দেখি আপ্লুত হোৱাই নহয় দেশ-বিদেশৰ বিভিন্ন পৰ্যটকেও ক্ৰয় কৰি নিছে তেঁওৰ হাতৰ পৰশত প্ৰাণ পাই উঠা এশিঙীয়া গঁড়কে ধৰি বহু সামগ্ৰী ৷

আনহাতে, আনগৰাকী গৰাকী বয়োজ্যেষ্ঠ ব্যক্তি হৈছে চাবুৱাৰ 73 বছৰ গৰকা হেমেন কোঁৱৰ ৷ চাবুৱাৰ ৰহমৰীয়া মৌজাৰ অন্তৰ্গত খাট লুখুৰাখনীয়া গাঁৱৰ 73 বছৰীয়া এই ভাস্কৰ্য শিল্পী গৰাকীয়ে শাৰিৰীক অসুস্থতাৰ মাজতো অব্যাহত ৰাখিছে নিজৰ শিল্প কৰ্ম ৷ গছৰ শিপাৰে সৰ্প, পেলনীয়া কাঠৰ পৰা গঁড়, হাতীকে ধৰি বিভিন্ন পশু পক্ষী তৈয়াৰ কৰি এই সমূহত যেন একো একোটা প্ৰাণ গুজি দিছে ৷

2018 বৰ্ষত ৰাজ্য চৰকাৰৰ পৰা ভাস্কৰ্য শিল্পীৰ সন্মান লাভ কৰা এই গৰাকী শিল্পীয়ে চলাই গৈছে সংগীতৰো সাধনা ৷ শিল্প আৰু সংগীতৰ সাধনাৰ লগতে এইগৰাকী বয়োজ্যেষ্ঠ শিল্পীয়ে নিজৰ ঘৰতে এটি সংগ্ৰহালয়ো স্থাপন কৰিছে ৷ য’ত নৱ প্ৰজন্মক পৰিচিত কৰাৰ উদ্দেশ্যে ৰখা হ’ব অসমীয়া সমাজত ব্যৱহৃত বিভিন্ন থলুৱা সমল ৷

ৰাজ্যত অব্যাহত থকা ক’ভিড সৃষ্ট পৰিস্থিতিৰ মাজতো জঁতি পৰা নাই এই দুই গৰাকী জ্যেষ্ঠ শিল্পীৰ সৃষ্টিশীল কৰ্মৰাজি ৷ এখেত সকলৰ শিল্পকৰ্মই যেন চৌদিশে বিলাই গৈছে তেওঁলোকৰ মহান কৰ্মৰাজিৰ জ্যোতি ৷ দুয়োগৰাকী বয়োজ্যেষ্ঠ শিল্পীলৈ ইটিভি ভাৰতৰ তৰফৰ পৰা থাকিল আন্তৰিক শুভকামনা ৷

লগতে পঢ়ক: ডিব্ৰুগড়ত নদী পৰ্যটনৰ দিশত নৱ জাগৰণৰ সূচনা দুই অসমীয়াৰ

Last Updated : Jul 6, 2021, 7:31 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.