ETV Bharat / state

Wild pig attack: বন গাহৰিৰ আক্ৰমণত 6 গৰাকী আহত

author img

By

Published : Jul 15, 2023, 8:46 PM IST

ৰাজ্যত বন্যপ্ৰাণী আৰু মানুহৰ সংঘাতৰ মাজতেই এইবাৰ বিশ্বনাথৰ বিহালীত বন্য গাহৰিৰ সন্ত্ৰাস ৷ বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি 6 গৰাকীক আক্ৰমণ কৰে বন্য গাহৰিয়ে ৷

6 injured in wild pig attack
বন গাহৰিৰ আক্ৰমণত 6 গৰাকী আহত
বন গাহৰিৰ আক্ৰমণত 6 গৰাকী আহত

বিশ্বনাথ, 15 জুলাই : বানপানীৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ হাহাকাৰ বন্যপ্ৰাণীৰ মাজত ৷ এতিয়া বানপানী পৰা ৰক্ষা কৰিবলৈ বনাঞ্চল পৰা জনাঞ্চলৰ ওখ ঠাই বিচাৰি ধাপলি মেলিছে বনৰীয়া জীৱ-জন্তুৱে ৷ উল্লেখ্য যে, বিগত কেইবাদিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে ক্ৰমাগতভাৱে বৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অধিকাংশ অধিক অঞ্চল বুৰাই পেলাইছে ৷

বাঢ়নি পানীৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা উলাই অহা বন গাহৰি আৰু বনৰীয়া হাতীয়ে যোৱা কেইবাদিন ধৰি উত্তৰ অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বিহালী সমষ্টিৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ এটা জাকে ঘৰ-দুৱাৰ ভঙাৰ লগতে শস্য খাই তহিলং কৰিছে ৷ ইফালে শনিবাৰে বিহালী সমষ্টিৰ নীলবাৰী চাহ বাগিচা অঞ্চলত বনৰীয়া গাহৰিয়ে আক্ৰমণ কৰাৰ ফলত 6 জন লোক আহত হয় ৷

প্ৰাপ্ত তথ্য মতে বন গাহৰিৰ আক্ৰমণত শংকৰ চৰ্ববৰ, অনিল চমচাই, মিলন চমচাই, নিৰঞ্জন চিকদাৰ, বসন্ত চমচাইৰ লগতে সুনীতা চমচাই আহত হয় ৷ আনহাতে আহত হোৱা সুনীতা চমচাই গৰ্ভৱতী আছিল বুলি জানিব পৰা গৈছে ৷ আহত আটাইকেইজনক ততালিকে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰিছে ৷

ইফালে বানৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীসকলে উদ্যানখনৰ জীৱকূলৰ সুৰক্ষাৰ বাবে নাৱেৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ বানপানী আক্ৰান্ত এলেকাসমূহত পহৰা অব্যাহত ৰাখিছে বুলি গমিৰি বনাঞ্চলিক বিষয়া প্ৰাঞ্জল গগৈয়ে জানিবলৈ দিয়ে ৷ গগৈয়ে লগতে কয়, এই বানৰ সুযোগ লৈ এটা দুষ্ট চক্ৰই কাজিৰঙাত ৰাষ্ট্ৰীয় উদ্যান পৰা উলাই অহা বন্যপ্ৰাণী চিকাৰ কৰি ভক্ষণ কৰাৰ কথাও প্ৰকাশ কৰে বন বিষয়াগৰাকীয়ে ৷

লগতে বন বিষয়াগৰাকীয়ে কয় উদ্যানখনৰ দাতিকাষৰীয়া গাঁওসমূহৰ ৰাইজৰ সৈতে কেইবালানি আলোচনা কৰা হৈছে যাতে বনৰীয়া জীৱ-জন্তু সমূহক সুকলমে ৰাখিব পৰা যায় আৰু বন্যপ্ৰাণী উলালে বনকৰ্মীক অৱগত কৰিব পাৰে ৷ গাঁওবাসীয়ে উদ্যানখনৰ কৰ্মীসকলক বানৰ সময়ত পূৰ্ণ সহযোগিতাৰে কাম কৰাত সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক: Moblie Veterinary Unit : ধেমাজিত 9 খনকৈ পশুধন সাৰথি ফ্লেগ অৱ কৰিলে শিক্ষামন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.