চতিয়া,২০ আগষ্ট: ১৭৯৫ চনৰে পৰা ধৰ্মীয় বিশ্বাসক সাৰোগত কৰি গুৰুজনাৰ তিৰোভাৱ তিথিৰ দিনটোত জামুগুৰিহাটৰ কোঁচগাঁৱৰ ৰাইজে নিৰৱছিন্নভাৱে অনুষ্ঠিত কৰি আহিছে কালীয় দমন নাট ভাওনা ৷ কিন্তু এইবেলি কৰ’ণা ভাইৰাছৰ বাবে বাতিল কৰিবলগীয়া হৈছে এই ভাওনা ৷ প্ৰথমবাৰৰ বাবে এই ভাওনা বাতিল কৰিবলগীয়া হোৱাত মৰ্মাহত হৈ পৰিছে অঞ্চলবাসী ৷
উল্লেখ্য যে, এই বিশেষ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকল আহি কোঁচগাঁৱৰ কালিয়দমন ক্ষেত্ৰত উপস্থিত হৈ মনোকামনা পূৰণৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰে ৷ পূৰ্বে ভক্তৰ বাবে বিৰ দি বাট নোপোৱা অৱস্থাৰ সৃষ্টি হয় কালিয় দমন ক্ষেত্ৰৰ চৌদিশত ৷ কিন্তু মহামাৰী কৰ’ণাৰ বাবে এইবেলি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত ৷
ভাওনাৰ উদ্যোক্তা সকলে ভক্তপ্ৰাণ দূৰণিবটীয়া ৰাইজক এইবেলি মহোৎসৱথলীলৈ শৰাই-শলিতা আদি অনাৰ পৰিৱৰ্তে নিজগৃহতে থাকি মহোৎসৱলৈ উদ্দেশ্য কৰি গুৰুজনাৰ প্ৰতি সেৱা কৰিবলৈ বিনম্ৰভাৱে আহ্বান জনাইছে । কিয়নো এইবাৰ উদ্যোক্তা সকলে ভাওনা মহোৎসৱ উদযাপনৰ এই নিৰ্দিষ্ট দিনটোত সামাজিক দুৰত্ব বজাই ৰাখি মহাপুৰুষজনাৰ তিথি ভাগহে অনুষ্টুপীয়াকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
লগতে চাওকঃ চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে গোৱালপাৰাত উচ্ছেদ অভিযান