ETV Bharat / state

Jakir Hussain Sikdar criticizes AIUDF: কিছুদিন পিছত ইউডিএফৰ নম্বৰেই নাথাকিব: জাকিৰ হুছেইন শিকদাৰ

author img

By

Published : Nov 12, 2022, 7:36 PM IST

কিছুদিন পিছত ইউডিএফৰ নম্বৰেই নাথাকিব ৷ যিটো ৰাজনৈতিক দলৰ নিজৰেই নম্বৰ নাই তেওঁলোকে অন্য দলৰ কথা চিন্তা কৰিব নালাগে ৷ আমাৰ সংখ্যা কোনো কাৰণতে কমা নাই ৷ বিৰোধীৰ দায়িত্ব আমি পালন কৰিছো ৷ কিছুদিন পিচত ভাৰত তথা অসমৰ ৰাইজে দেশ গঢ়াৰ দায়িত্ব আৰু উন্নয়নৰ দায়িত্ব আমাক দিব ৷" সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰি এনেদৰে ক্ষুৰধাৰ সমালোচনা কৰে এআইইউডিএফক(Zakir Hussain Sikdar criticizes AIUDF amidst Bharat Jodo Yatra) ৷

Bharat Jodo Yatra running across in Assam
কিছুদিন পিছত ইউডিএফৰ নম্বৰেই নাথাকিব:জাকিৰ হুছেইন শিকদাৰ

বৰপেটা, ১২ নৱেম্বৰ: দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা ৷ বিজেপিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক জন জাগৰণ সৃষ্টিৰ লক্ষ্যৰে তথা দেশবাসীক ঐক্যবদ্ধ কৰিবৰ বাবে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ (Congress leader Rahul Gandhi) নেতৃত্বত দেশজুৰি আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা(Bharat Jodo Yatra mass movement started by INC)।

কন্যাকুমাৰীৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত । কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰাই মুঠ ৩৫৭০ কিলোমিটাৰ পথ সামৰি ল’ব । যাত্ৰাৰ অন্ত পৰিব কাশ্মীৰত আৰু এই যাত্ৰাৰ অন্তিম সমাৰোহ ২০২৩ বৰ্ষৰ জানুৱাৰীত ৰাজস্থানত অনুষ্ঠিত হ’ব।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো পহিলা নৱেম্বৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো যাত্ৰা (Bharat Jodo Yatra in Assam) ৷ অৱশ্যে অসমত কংগ্ৰেছৰ এই ভাৰত জোড়ো যাত্ৰা ৰাহুল গান্ধীৰ অনুপস্থিতিতহে আৰম্ভ হৈছে । অসমত আৰম্ভ হোৱা ভাৰত জোড়ো যাত্ৰাৰ আজি দ্বাদশ দিন ৷ আজি বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কুকাৰপাৰৰ পৰা নলবাৰী জিলালৈ আৰম্ভ হৈছে যাত্ৰা ৷

আজিৰ এই যাত্ৰাত অংশগ্ৰহণ কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ বিধায়কগৰাকীয়ে যাত্ৰাত অংশগ্ৰহণ কৰি কয়, "বৰপেটা জিলাত ভাৰত জোড়ো যাত্ৰাই ব্যাপক সহাৰি লাভ কৰিছে ৷ ভাৰত জোড়ো যাত্ৰাত আমি ৰাইজৰ আশীৰ্বাদ আৰু সহযোগ পাইছো ৷ আমাৰ যাত্ৰাৰ উদ্দেশ্য হৈছে মানুহৰ মাজত মিলা-প্ৰীতি, সদ্ভাৱ গঢ়া আৰু আমি সেই লক্ষ্যত উপনীত হৈছো ৷ অসমত এই যাত্ৰাৰ ব্যাপক প্ৰভাৱ পৰিছে ৷"

তেওঁ লগতে কয়, "ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তে বৰ অসম গঢ়াৰ সপোনক বাস্তৱায়িত কৰিবলৈ আমি এখোজ আগবাঢ়িছো ৷ এই যাত্ৰা যিমানেই উজনিলৈ আগবাঢ়িছে সিমানেই যাত্ৰাৰ গুৰুত্ব বৃদ্ধি পাইছে ৷ "

লগতে বিধায়কগৰাকীয়ে এ আই ইউ ডি এফক তীব্ৰ ভাষাৰে সমালোচনা কৰা পৰিলক্ষিত হয় (Jakir Hussain Sikdar criticizes AIUDF) ৷ তেওঁ কয়, "কিছুদিন পিছত ইউডিএফৰ নম্বৰেই নাথাকিব ৷ যিটো ৰাজনৈতিক দলৰ নিজৰেই নম্বৰ নাই তেওঁলোকে অন্য দলৰ কথা চিন্তা কৰিব নালাগে ৷ আমাৰ সংখ্যা কোনো কাৰণতে কমা নাই ৷ বিৰোধীৰ দায়িত্ব আমি পালন কৰিছো ৷ কিছুদিন পিচত ভাৰত তথা অসমৰ ৰাইজে দেশ গঢ়াৰ দায়িত্ব আৰু উন্নয়নৰ দায়িত্ব আমাক দিব ৷"

তেওঁ লগতে কয়,"আমাৰ এই যাত্ৰাত বাধা দিয়াৰ বাবে বিজেপিৰ ইংগিতত এআইইউডিএফে কথা কৈ আছে ৷ বিজেপিৰ কথামতেই এআইইউডিএফে কংগ্ৰেছক সমালোচনা কৰি আছে ৷ কিন্তু আমাৰ লক্ষ্য হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিক ভাৰতৰ ৰাজনৈতিক ক্ষমতাৰ পৰা উফৰাই পেলোৱা ৷

লগতে পঢ়ক: Bharat Jodo Yatra: 50 শতাংশ আসনত বিজেপিক খিলঞ্জীয়া ভূমিপুত্ৰসকলে হৰুৱাই দিলে: ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.