ETV Bharat / state

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - প্ৰতিবাদী কাৰ্যসূচী

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । বিভিন্ন স্থানত চৰকাৰৰ বিৰুদ্ধে দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰিছে । ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছেৰ তীব্ৰ প্ৰতিবাদ ।

Youth congress
পেট্ৰ'ল ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ
author img

By

Published : Oct 17, 2021, 7:12 PM IST

বৰপেটা,১৭ অক্টোবৰ : দেশত পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধি অব্যাহত আছে । একেৰাহে চাৰি দিন ধৰি বৃদ্ধি হৈছে পেট্ৰ'ল-ডিজেলৰ মূল্য । দেওবাৰৰ দিনটোও ব্যতিক্ৰম নহ'ল । যাৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ।

আনহাতে, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই চৰকাৰে । সেয়ে দেশৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে । সমান্তৰালকৈ বৰপেটা জিলাৰ হাউলী চাৰিআলিত যুৱ কংগ্ৰেছে ৰূপায়ণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ হাউলী অঞ্চল ।

পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে হাউলীত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

ইফালে প্ৰতিবাদত যুৱ কংগ্ৰেছী হাবিব আহমেদে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰীক সমালোচনা কৰি কয় যে, দেশত আইপিএল ক্ৰিকেটৰ আৰ্হিত পেট্ৰ'ল-ডিজেল প্ৰিমিয়াৰ লীগ আৰম্ভ হৈছে আৰু ইয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ১০০ ৰাণ কৰি নট আউট হৈ আছে ।

যুৱ নেতাগৰাকীৰ মতে আন্তৰ্জাতিক বজাৰৰ পৰা কম মূল্যত পেট্ৰ' পণ্য সামগ্ৰী ক্ৰয় কৰি দেশত অধিক দামত মোডী চৰকাৰে সেইবোৰ বিক্ৰী কৰিছে । বিশেষকৈ পেট্ৰ'ল-ডিজেলৰ ওপৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে পৃথক পৃথক কৰ আৰোপ কৰাৰ বাবেই দেশত পেট্ৰ'ল-ডিজেলৰ দাম বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ হাউলী নগৰ মণ্ডল যুৱ কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পেট্ৰ'ল-ডিজেলৰ মূল্য নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : ফিল’বাৰী কাণ্ডক লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.