ETV Bharat / state

বৰপেটাৰ নলীৰপাম গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু - barpeta tragic incident

বৰপেটা জিলাৰ নলীৰপাম গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু । তেতেলীৰ তল গাঁৱৰ ২৮ বছৰীয়া মুজহাৰুল ইছলামে নলীৰপাম গাঁৱৰ শহুৰেকৰ ঘৰলৈ আহিছিল ৷ কিন্তু শহুৰেকৰ ঘৰৰ সন্মুখতে থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটিলে মুজহাৰুলে ৷ ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় ।

young boy death electrocuted
বৰপেটাৰ নলীৰপাম গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু
author img

By

Published : May 29, 2021, 7:34 PM IST

বৰপেটা, ২৯ মে': বৰপেটাত শোকাৱহ ঘটনা । জিলাখনৰ নলীৰপাম গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ এজন যুৱকৰ মৃত্যু । এগৰাকী কিশোৰীক ৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক সাৱটিলে যুৱকজনে ৷

যুৱকজন তেতেলীৰ তল গাঁৱৰ ২৮ বছৰীয়া মুজহাৰুল ইছলাম ৷ মুজহাৰুল ইছলামে নলীৰপাম গাঁৱৰ শহুৰেকৰ ঘৰলৈ আহিছিল ৷ কিন্তু শহুৰেকৰ ঘৰৰ সন্মুখতে থকা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটিলে মুজহাৰুলে ৷

বৰপেটাৰ নলীৰপাম গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু

ৰাইজে জনোৱা মতে পথৰ পৰা মাত্ৰ কেইফুটমান ওপৰত ওলমি আছিল বিদ্যুৎ পৰিবাহী তাঁৰ ৷ পুৱা এগৰাকী কিশোৰী বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহিব ধৰা অৱস্থাতে মুজহাৰুলে কিশোৰীগৰাকীক বচাবলৈ দৌৰি গৈছিল ৷ পিছে কিশোৰীগৰাকীক ৰক্ষা কৰিবলৈ সক্ষম হ'লেও বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহি মৃত্যুমুখত পৰে মুজহাৰুল ৷

এই শোকাৱহ ঘটনাৰ পিছতে তীব্ৰ উত্তেজনা বিৰাজ কৰে অঞ্চলটোত । ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় । বহু তললৈ ওলমি থকা তাঁৰ বোৰ নিৰাপদভাৱে সংস্থাপন কৰাত বিফল হৈছিল বিদ্যুৎ বিভাগ ।

উল্লেখ্য যে, গাঁওখনত একেধৰণেই বিদ্যুৎ পৰিবাহী তাঁৰত লাগি দুমাহ পূৰ্বেও এগৰাকী কিশোৰী আঘাতপ্ৰাপ্ত হৈছিল ৷ কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগে । ইফালে ঘটনাৰ পিছত বহু দেৰিলৈ আৰক্ষীও উপস্থিত হোৱা নাছিল । যাৰ বাবে উপস্থিত ৰাইজে পথ অৱৰোধ কৰি প্ৰশাসন,লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰ,বিদ্যুৎ বিভাগ আদিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:পৰেশ বৰুৱাৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.