বৰপেটা, 15 এপ্ৰিল: সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে বৰপেটা সত্ৰত অজি পালন কৰা হয় ব’হাগৰ বৰ দোমাহী ৷ পৰম্পৰা অনুসৰি বৰ দোমাহী দিনাই আজি বৰ্ষফল গণনা বা বিহু গণনা কৰা হয় সত্ৰত ৷ বৰ্ষফল গণনা বৰপেটা সত্ৰৰ এক পৰম্পৰা । এই পৰম্পৰা অনুসৰি প্ৰতিবছৰে পহিলা বহাগত বৰ্ষফল গণনা কৰা হয় । বৰ্ষফল অনুসৰি বছৰটো কেনেদৰে যাব অসম বা ভাৰতৰ বাবে এই বছৰটো কেনেকুৱা হ'ব, ৰাজনৈতিক প্ৰেক্ষাপট কেনে হ'ব, ধৰাত প্ৰকৃতিৰ কেনে প্ৰভাৱ হ'ব আদি চোৱা হয় ।
দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে কৰা গণনা অনুসৰি অসমৰ ৰাশি কৰ্কট ৷ অসমৰ কৰ্কট ৰাশি অনুসৰি গুৰু চাণ্ডাল যোগৰ ফলত শত্ৰুবৃদ্ধি, মানহানি, অৰ্থনাশ আদি হ'ব পাৰে বাবে সাবধানে থকাটো মংগলজনক ৷ লগতে আজি বৰপেটা সত্ৰত দৈৱজ্ঞই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বৰ্ষফল গণনা কৰে ৷ 2021 চনৰ 10 মে'ত 12 বাজি 5 মিনিটত ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহন কৰাৰ ক্ষণ অনুসৰি কৰা গণনাত বৰ্তমান শুক্ৰৰ দশা চলি থকা অনুসৰি 2026 চনৰ 7 নৱেম্বৰলৈ অতি শুভ দশা চলি থাকিব ৷ 2026 লৈকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ শুভ দশা ৷ বিগত বছৰতকৈ এই বছৰটো তেওঁৰ বাবে সৰ্বশ্ৰেষ্ঠ (Year prediction of Barpeta Satra) ৷
গণনাত ৰাজ্য চৰকাৰৰ বাবে এই বৰ্ষটো সফলতাৰ বৰ্ষ ৷ শিক্ষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰতো অসমৰ উন্নতি হ'ব বুলি গণনাত কোৱা হৈছে ৷ লগতে গণনা অনুসৰি ৰাজ্যত বিৰোধীৰ পতন হোৱাৰ লগতে ব্যৱসায়-বাণিজ্য, কৃষি, আমদানি আৰু ৰপ্তানিৰ দিশত ৰাজ্য চৰকাৰ সফল হোৱাৰ যোগ ৷ অৱশ্যে অসমৰ কৰ্কট ৰাশি অনুসৰি গুৰু চাণ্ডাল যোগৰ ফলত শত্ৰুবৃদ্ধি, মানহানি, অৰ্থনাশ আদি হ'ব পাৰে বাবে সাবধানে থকাটো মংগলজনক ৷
আনহাতে বৰপেটা সত্ৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৰ্ষফল গণনা কৰা হয় ৷ বৰ্ষফল গণনা কৰি দৈৱজ্ঞই কয় যে 1950 চনৰ 17 ছেপ্টেম্বৰত গুজৰাটত জন্মগ্ৰহণ কৰা নৰেন্দ্ৰ মোডীৰ 2027 চনৰ 6 ডিচেম্বৰলৈ মংগলৰ দশা চলি থাকিব বাবে শুভফল লাভ কৰিব ৷ বৈদেশিক ক্ষেত্ৰতো ভাৰতবৰ্ষই সুফল লাভ কৰিব৷ প্ৰধানমন্ত্ৰী মোডীৰ জন্মফল অনুসৰি পুনৰবাৰ মোডীৰ জয় হ'ব বুলি গণনাত প্ৰকাশ ৷
পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ দৈৱজ্ঞ ত্ৰিদীপ শৰ্মা দলৈয়ে প্ৰথমতে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত গুৰু আসনৰ পিচফালে সত্ৰীয়া প্ৰমুখ্যে ভকতৰ সন্মুখত বছৰটোৰ শুভাশুভ বিচাৰ কৰে ৷ তাৰপিচতে দৈৱজ্ঞই সত্ৰলৈ অহা ভক্ত বৈষ্ণৱৰ সন্মুখত সত্ৰৰ চোতালত বৰ্ষফল গণনা পাঠ কৰে৷ ইয়াৰ পিচতে দৈৱজ্ঞই আই সকলৰ কাঠিত বৰ্ষফল গণনা পাঠ কৰে ৷
উল্লখযোগ্য যে, বৰপেটা সত্ৰৰ পৰম্পৰাগত বৰ্ষফল গণনা পাঠ শুনিবলৈ আজি বৰপেটা সত্ৰত বহু সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷