ETV Bharat / state

বৰপেটাত সাম্প্ৰদায় উৎসৱ উদযাপন - বৰপেটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰবীন দাস

বুধবাৰে অসম সমগ্ৰ শিক্ষা অভিযান বৰপেটা জিলাৰ ৰূপসী শিক্ষাখণ্ডৰ সৌজন্যত সাম্প্ৰদায় উৎসৱ উদযাপন কৰা হয় ৷ এই উৎসৱৰ লগত সংগতি ৰাখি খৰিচলা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰপেটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰবীন দাসৰ সভাপতিত্বত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত কৰা হয় ।

বৰপেটাত সাম্প্ৰদায় উৎসৱ উদযাপন
বৰপেটাত সাম্প্ৰদায় উৎসৱ উদযাপন
author img

By

Published : Feb 25, 2021, 10:54 AM IST

জনীয়া,25 ফেব্ৰুৱাৰীঃ বুধবাৰে অসম সমগ্ৰ শিক্ষা অভিযান বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ সৌজন্যত হালধীয়া পথাৰ মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সম্প্ৰদায় ২০২১ উৎসৱ উদযাপন কৰা হয় । এই উৎসৱৰ লগত সংগতি ৰাখি খৰিচলা জনপ্ৰিয় উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৰপেটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ৰবীন দাসৰ সভাপতিত্বত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত কৰা হয় ।

এই উৎসৱত উপস্থিত থাকি বৰপেটা মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্দেশ্য বাখ্যা কৰে হালধীয়া পাথাৰ সমল মণ্ডল কেন্দ্ৰৰ চিআৰচিচি শ্বহিদুল ইছলামে । অতিথিসকলক গছপুলি আৰু ফুলাম গামোচাৰে জনোৱা সম্বৰ্ধনা অনুষ্ঠান পৰিচালনা কৰে আয়োজক সমিতিৰ প্ৰধান সম্পাদক তথা শিক্ষক ছামচুল হকে ।

সম্প্ৰদায় উৎসৱৰ লগত সংগতি ৰাখি নাও খেল, বিহু নৃত্য, লাঠিবাড়ী খেলৰ লগতে বিলুপ্তপ্ৰায় বিভিন্ন সংস্কৃতিৰে সমৃদ্ধ বাৰে বৰণীয়া শোভাযাত্ৰা উলিওৱা হয় । ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাত পাৰদৰ্শিতা দেখুওৱা কৃতি ছাত্ৰ-ছাত্ৰীক বঁটা প্ৰদান কৰি উৎসাহিত কৰা হয় ।

লগতে পঢ়কঃ মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণ নহয় লুৰিণৰ: ৰামেশ্বৰ তেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.