ETV Bharat / state

বলাইপাথাৰৰ বিধস্ত পথে জলাকলা খোৱাইছে ৰাইজক

author img

By

Published : May 1, 2021, 12:54 PM IST

কলগাছিয়াৰ বলাইপাথাৰৰ জৰাজীৰ্ণ গড়কাপ্তানি পথে জলাকলা খোৱাইছে এতিয়া সাধাৰণ ৰাইজক । বিধস্ত পথৰ বাবে এই পথচোৱাত সঘনাই সংঘটিত হৈ আহিছে সৰু-বৰ দূৰ্ঘটনা । কিন্তু কানসাৰ নাই জন প্ৰতিনিধিৰ ।

বলাইপাথাৰৰ বিধস্ত গড়কাপ্তানি পথে জলাকলা খোৱাইছে সাধাৰণ ৰাইজক

জনীয়া,1 মে’: কলগাছিয়াৰ পৰা বলাইপাথাৰলৈ যোৱা গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই এতিয়া জলাকলা খোৱাইছে পথচাৰী আৰু ছাত্ৰ-ছাত্ৰীক । বিগত সাত বছৰ ধৰি বলাইপাথাৰ গাঁৱৰ এই গড়কাপ্তানী পথটো জৰাজীৰ্ণ হৈ মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ ফলত যমৰ যাতনা ভুগিব লগা হৈছে সাধাৰণ ৰাইজে । যাৰ ফলত এই পথটোত সঘনাই সংঘটিত হৈ আহিছে সৰুবৰ দুৰ্ঘটনা ।

এই বিধস্ত পথৰ বাবে অঞ্চলটোলৈ এম্বুলেন্স নাইবা অগ্নিনিৰ্বাপক বাহন অহা যোৱাৰ ক্ষেত্ৰত চৰম অসুবিধাৰ সন্মুখীন হ’ব লগীয়া হয়। অতি গুৰুত্বপূৰ্ণ এই পথছোৱাৰে দৈনিক হাজাৰ হাজাৰ ৰাইজে অহা যোৱা কৰে যদিও ভীষণ অসুবিধাৰ সন্মুখীন হ’ব লগাত পৰিছে ।

কিন্তু এই ক্ষেত্ৰত জনপ্ৰতিনিধি তথা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই । যাৰ বাবে স্থানীয় ৰাইজে পথটো অতি সোনকালে মেৰামতি কৰিবলৈ বৰপেটা জিলা গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছে ।

লগতে পঢ়ক: ডিব্ৰুগড়ত জ্যেষ্ঠ সাংবাদিক আৰু লেখকক সম্বৰ্দ্ধনা জ্ঞাপন আপকুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.