ETV Bharat / state

ৰাণ কলগাছিয়া মাৰাথনৰ মহিলা শাখাত বিজয়ী ছানিয়া মিৰ্জা

author img

By

Published : Nov 14, 2020, 1:18 PM IST

কলগাছিয়া ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিচ কেয়াৰ চেণ্টাৰৰ উদ্যোগত সজাগতা মূলক বিশ্ব ডায়েবেটিচ দিৱস পালন । এই উপলক্ষে আয়োজিত মাৰাথনত উদ্বোধক হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান জগতৰ নায়িকা ভ্ৰান্তি মেধি ।

world diabetes day
world diabetes day

জনীয়া, 14 নবেম্বৰ : আজি বিশ্ব ডায়েবেটিচ দিৱস। এই ডায়েবেটিচ দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে কলগাছিয়াৰ ৰাহত পলিক্লিনিক এণ্ড ডায়েবেটিচ কেয়াৰ চেণ্টাৰৰ উদ্যোগত ৰাণ কলগাছিয়া অনুষ্ঠিত কৰা হয় । ডায়েবেটিচৰ ভয়াবহতাৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে আয়োজন কৰা কলগাছিয়া ৰাণত তিনি শতাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে । কলগাছিয়া ৰাণত উদ্বোধক হিচাপে উপস্থিত থাকে অসমীয়া বোলছবি আৰু ভ্ৰাম্যমান জগতৰ নায়িকা ভ্ৰান্তি মেধি ।

world diabetes day
ৰাণ কলগাছিয়া মাৰাথনৰ মহিলা শাখাত বিজয়ী ছানিয়া মিৰ্জা

উল্লেখ্য যে ডায়েবেটিছ দিৱসৰ লগত সংগতি ৰাখি দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা উক্ত প্ৰতিযোগিতাত ল'ৰাৰ শাখাত আজিবৰ ৰহমানে প্ৰথম, আকিবুলে ইছলাম দ্বিতীয় আৰু বুবুল ইছলামে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হোৱাৰ লগতে ছোৱালীৰ শাখাত ছানিয়া মিৰ্জাই প্ৰথম, স্বজমিনা খাতুনে দ্বিতীয় আৰু আফৰুজা ইয়াচমিনে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : গাড়ী চালকক গুলীয়াই ধন লৈ উধাও দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.