বৰপেটা,৪ ফেব্ৰুৱাৰী : বিশ্বত কৰ্কট ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । প্ৰতিবছৰে কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে (Increase in the number of cancer patients)। অসমৰো বিভিন্ন প্ৰান্তত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে । যাৰ বাবে অসম চৰকাৰেও বিভিন্ন পদক্ষেপ হাতত লৈছে । ৰাইজক সজাগ কৰাৰ লগতে কেইবাখনো জিলাত শেহতীয়াকৈ কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে কৰ্কট প্ৰতিষ্ঠান স্থাপন কৰিছে (Cancer centre in Assam)।
আনহাতে কৰ্কট ৰোগৰ সজাগতাৰ বাবে প্ৰতিবছৰে পালন কৰা হয় বিশ্ব কৰ্কট দিৱস (World Cancer Day)। বিশেষকৈ কৰ্কট ৰোগৰ প্ৰতি ৰাইজক সজাগ কৰাত অধিক গুৰুত্ব দিছে স্বাস্থ্য বিভাগ লগতে চৰকাৰে ।
বৰপেটা জিলাতো প্ৰতিবছৰৰ দৰে ৪ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোত বিশ্ব কৰ্কট দিৱস উদযাপন কৰা হৈছে (World Cancer Day celebration in Barpeta)। বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু বৰপেটা কেঞ্চাৰ চেণ্টাৰৰ উদ্যোগত বৰপেটাত বিশ্ব কৰ্কট দিৱস পালন কৰা হৈছে ৷ কৰ্কট দিৱস উপলক্ষে বৰপেটা চহৰত পুৱাই এক সজাগতা সমদল উলিওৱা হয় । ৰাইজৰ মাজত কৰ্কট ৰোগৰ সজাগতাৰ বাবে চিকিৎসক, নাৰ্চ, মেডিকেল কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে এই সজাগতা সমদলত অংশগ্ৰহণ কৰে (Cancer awareness walkathon in Barpeta)৷
সজাগতা সমদল উদ্বোধন কৰি মেডিকেল কলেজৰ অধ্যক্ষ ডা: ৰমেন তালুকদাৰে কয় যে সকলোৱে মিলি কৰ্কট ৰোগৰ বিৰুদ্ধে থিয় হ'ব লাগিব । মদ্যপান, ধূমপান আদিৰ দৰে বেয়া অভ্যাস ত্যাগ কৰাৰ লগতে জাংক ফুড, অনিয়মিত খাদ্য পৰিহাৰ আৰু যোগ, ব্যায়াম আদিৰ জৰিয়তে জীৱন শৈলী গঢ় দি কৰ্কট প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাইজক সজাগ হোৱাৰো আহ্বান জনাই অধ্যক্ষগৰাকীয়ে ৷
ৰমেন তালুকদাৰৰ মতে বৰপেটাত বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা ৷ যাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাল কতৃপক্ষই ঠায়ে ঠায়ে কেঞ্চাৰ স্ক্ৰীনিং শিবিৰৰ আয়োজন কৰিছে (Cancer screening camp in Barpeta)। লগতে কৰ্কট ৰোগৰ সজাগতা আৰু চিনাক্তকৰণত অধিক গুৰুত্ব দিছে । অধ্যক্ষগৰাকীয়ে জনোৱা মতে এতিয়ালৈকে বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু কেঞ্চাৰ চেণ্টাৰ কতৃপক্ষই জিলাখনৰ ভিন্ন স্থানত প্ৰায় ৩৫ টাৰো অধিক স্ক্ৰীনিং শিবিৰ অনুষ্ঠিত কৰিছে ।
বিশেষকৈ আগতীয়াকৈ চিনাক্ত কৰি কৰ্কটৰ পৰা আৰোগ্য লাভ কৰাতো সম্ভৱ বুলিও মন্তব্য কৰে অধ্যক্ষ ডা: ৰমেন তালুকদাৰে । বৰপেটা মেডিকেল কলেজ হাস্পতালৰ এই স্ক্ৰীনিং শিবিৰত সকলোকে সহযোগ কৰিবলৈও ডা: ৰমেন তালুকদাৰে আহ্বান জনায় ।
লগতে পঢ়ক :Expo Organic North East: জৈৱিক কৃষিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে মহানগৰীত এক্সপ' অৰ্গেনিক নৰ্থ ইষ্ট