ETV Bharat / state

ৰাজ্যত কাঠৰ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰা কোন এই গোবিন্দ সৰকাৰ ? - কাঠ চিণ্ডিকেট চক্ৰ

ৰাজ্যত চলিছে কাঠৰ চিণ্ডিকেট ৷ বৰপেটাৰ বহৰিত কাঠ ব্যৱসায়ীৰ সংবাদমেল ৷ গোবিন্দ সৰকাৰ নামৰ ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে চিণ্ডিকেট ৰাজ নিয়ন্ত্ৰণৰ অভিযোগ ৷

wood-syndicate-in-assam
ৰাজ্যত কাঠৰ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰা কোন এই গোবিন্দ সৰকাৰ ?
author img

By

Published : Oct 12, 2021, 9:03 PM IST

বৰপেটা, ১২ অক্টোবৰ : ৰাজ্যত চলি আছে কাঠৰ চিণ্ডিকেট ৷ মেঘালয়ৰ পৰা ৰাজ্যৰ বিভিন্ন জিলালৈ কাঠ চিণ্ডিকেট চক্ৰই পাৰ কৰাই কাঠৰ গাড়ী ৷ বৰপেটাৰ বহৰি বজাৰৰ এগৰাকী কাঠ ব্যৱসায়ীয়ে অভিযোগ কৰা মতে, মেঘালয়ৰ কাঠ সৰবৰাহ চিণ্ডিকেট চক্ৰৰ নেতৃত্বত আছে বহৰিৰ গোবিন্দ সৰকাৰ নামৰ লোকজন ৷

ৰাজ্যত কাঠৰ চিণ্ডিকেট নিয়ন্ত্ৰণ কৰা কোন এই গোবিন্দ সৰকাৰ ?

বহৰি বজাৰৰ আব্দুল মালেক নামৰ ব্যৱসায়ীগৰাকীয়ে মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যখনত চলি থকা কাঠ চিণ্ডিকেটৰ কথা প্ৰকাশ কৰে ৷ আব্দুল মালেকৰ অভিযোগ মতে, গোবিন্দ সৰকাৰে মেঘালয়ৰ পৰা ৰাজ্যৰ যিকোনো জিলালৈ অনায়াসে পাৰ কৰাব পাৰে কাঠৰ গাড়ী ৷ তাৰবাবে প্ৰতিখন কাঠৰ ট্ৰাকৰ বাবদ কাঠ ব্যৱসায়ীয়ে আদায় দিব লাগে নিৰ্দিষ্ট পৰিমানৰ ধন ৷

অভিযোগ মতে, আৰক্ষীৰ পৰা বন বিভাগলৈকে সকলোকে মেনেজ কৰি কাঠৰ চিণ্ডিকেট চলাই থকা গোবিন্দ সৰকাৰৰ সহায় নহ’লে কোনো কাঠ ব্যৱসায়ীয়েই মেঘালয়ৰ পৰা সৰবৰাহ কৰিব নোৱাৰে কাঠ ৷

ব্যৱসায়ীগৰাকীৰ অভিযোগ অনুসৰি মেঘালয়ৰ পৰা অনা কাঠ নিৰ্দিষ্ট স্থানলৈ কঢ়িয়াই অনাৰ ক্ষেত্ৰত গোবিন্দ সৰকাৰেই মেনেজ কৰে সকলো ৷ ইপিনে কাঠ চিণ্ডিকেট চক্ৰই নিজৰ ব্যৱসায় সুৰক্ষিত কৰাৰ বাবেই সংবাদ মাধ্যমত ভুল বাতৰি প্ৰচাৰৰ জৰিয়তে অনুজ্ঞাপত্ৰ থকা কাঠ ব্যৱসায়ীৰ নাম ব্যৱহাৰ কৰাৰো অভিযোগ তুলিছে কাঠ ব্যৱসায়ী আব্দুল মালেক আৰু স্থানীয় ব্যক্তি প্ৰদীপ দাসে ৷

বৰাপানীত মেঘালয় আৰক্ষীয়ে জব্দ কৰা এখন ট্ৰাকৰ সৈতে বৰপেটাৰ বহৰিৰ আব্দুল মালেকৰ নাম আৰু প্ৰদীপ দাসৰ ফটো ব্যৱহাৰ কৰি বাতৰি সম্প্ৰচাৰ কৰা একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে আইনৰ কাষ চপাৰো হুংকাৰ দিছে কাঠ ব্যৱসায়ী আব্দুল মালেক আৰু স্থানীয় ব্যক্তি প্ৰদীপ দাসে ৷
লগতে পঢ়ক : লখিমপুৰৰ নিহত কৃষকৰ বাবে বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.