নিউজ ডেস্ক,3 ডিচেম্বৰঃ দুদিন পূৰ্বে ছয়গাঁৱৰ এগৰাকী বোৱাৰীৰৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্য অব্যাহত থকাৰ সময়তে মংগলবাৰে বৰপেটা জিলাৰ কলগাছিয়াৰ ৰুভি গাঁৱত আমগছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী বোৱাৰীৰ মৃতদেহ ৷ ইফালে মহিলাগৰাকীৰ আত্মীয়ই নিজ স্বামীয়ে পৰিকল্পিতভাৱে হত্যা কৰি আমগছত ওলোমাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷
উল্লেখযোগ্য যে সাত বছৰ পূৰ্বে কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰুভি গাঁৱৰ অব্দুল মিঞাৰ পুত্ৰ মনিৰউদ্দিনৰ সৈতে মহিলাগৰাকী বিবাহ-পাশত আৱদ্ধ হৈছিল ৷ শেহতীয়াকৈ মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী মনিৰউদ্দিনে পত্নীক পৰিহাৰ কৰি এৰি অন্য ছোৱালীক বিয়া পাতিব বুলি ভাবুকিও দিছিল ৷ সেয়ে যোৱা নিশা হঠাৎ বোৱাৰী গৰাকীৰ মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে বোৱাৰীগৰাকীক স্বামী মনিৰউদ্দিনে হত্যা কৰি আম গছত ওলোমাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছে বুলি মৃত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে ।
ছয়গাঁৱৰ এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি মংগলবাৰে উত্তপ্ত হৈ পৰে সমগ্ৰ ছয়গাঁও অঞ্চল ৷ বোৱাৰী গৰাকীক স্বামী গৃহৰ পৰিয়ালে হত্যা কৰা বুলি পিতৃ গৃহৰ পৰিয়ালৰ লগতে স্বামীৰ গাঁৱৰ ৰাইজেও অভিযোগ কৰিছে ৷ স্থানীয় ৰাইজে আজি ধুমগাৰা বান্দাৰটাৰী গোসাঁইঘৰ প্ৰাংগনত মিলিত হৈ হত্যাকাৰীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰে তোলে ৷ শতাধিক পুৰুষ মহিলাই বোৱাৰী হত্যাকাৰীক ফাঁচী দিয়ক, হত্যাকাৰী স্বামী কুমুদ কলিতাক ফাঁচী দিয়ক, হত্যাকাৰী ৰামচৰণ কলিতাক ফাঁচী দিয়ক আদি বিভিন্ন শ্ল’গান দিয়ে ৷ ইফালে এগৰাকী বোৱাৰীৰ এই ৰহস্যজনক মৃত্যুক জাতীয় সেনাই ৰহস্যজনক নহয় এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি আখ্যা দিছে ৷ এই হত্যাকাণ্ডৰ লগত জড়িত থকা কুমুদ কলিতাৰ লগতে পৰিয়ালৰ লোকসকলক উচিত শাস্তি দিয়াৰ দাবীৰে আজি জাতীয় সেনাই ছয়গাঁৱত ঘাইপথেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰে ৷ প্ৰতিবাদী সমদলটোৱে বোৱাৰী হত্যাকাৰীক ফাঁচী দিয়ক, বোৱাৰী হত্যাৰ বিচাৰ লাগে আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰে ছয়গাঁৱৰ ৰাজপথ ৷ প্ৰতিবাদকাৰীসকলে পিছত হত্যাকাৰীৰ বিৰুদ্ধে উচিত শাস্তি লোৱাৰ দাবীত চক্ৰ বিষয়াক এখন স্মাৰকপত্ৰও প্ৰদান কৰে ৷
উল্লেখযোগ্য যে ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ধুমগড়া বান্দাৰটাৰীত যোৱা ১ ডিচেম্বৰত এগৰাকী মহিলাৰ ৰহস্যজনক মৃত্যু তথা নিজৰ শোৱনী কোঠাত চিপজৰী লোৱা অৱস্থাত উদ্ধাৰ হৈছিল । বান্দাৰটাৰীৰ কুমুদ কলিতাৰ পত্নীয়ে নিজৰ কোঠাৰ চিলিং ফেনত কাপোৰেৰে চিপ লৈ ওলমি থকা অৱস্থাত দেওবাৰে পুৱা পৰিয়ালৰ লোকে প্ৰত্যক্ষ কৰাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো আৰক্ষী থানালৈ লৈ আহে । আনহাতে মহিলাগৰাকীৰ পৰিয়ালে ইয়াক স্বামীৰ পৰিয়ালৰ দ্বাৰা পৰিকল্পিত হত্যাকাণ্ড বুলি মন্তব্য কৰিছে । প্ৰাপ্ত অভিযোগ অনুসৰি মৃত মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালে প্ৰায়ে তেওঁৰ ওপৰত অত্যাচাৰ চলাইছিল । ইতিমধ্যে আৰক্ষীয়ে স্বামী কুমুদ কলিতা আৰু দেওৰেৱেক উৎপল কলিতাক আটক কৰিছে ৷ লগতে স্বামী কুমুদ কলিতাক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।