ETV Bharat / state

কলগাছিয়াত নাৰীদেহ ব্যৱসায় চক্ৰ উৎখাত

author img

By

Published : Sep 20, 2020, 5:26 PM IST

দেওবাৰে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ সমীপৰ এটা হোষ্টেলৰ পৰা উৎখাত কৰা হয় নাৰীদেহ ব্যৱসায়ী চক্ৰ ৷ দীৰ্ঘদিনৰ পৰা হোষ্টেলটোত অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Women traffickers arrest at Kalgachiya
কলগাছিয়াত নাৰীদেহ ব্যৱসায় চক্ৰ উৎখাত

জনিয়া, 20 ছেপ্তেম্বৰঃ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন এলেকাত প্ৰতিদিনে বৃদ্ধি পাইছে বিভিন্ন অসামাজিক কাৰ্যকলাপ ৷ ইয়াৰ মাজতে দেওবাৰে কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয়ৰ সমীপৰ এটা হোষ্টেলৰ পৰা উৎখাত কৰা হয় নাৰীদেহ ব্যৱসায়ী চক্ৰ ৷ হোষ্টেলটোত দীৰ্ঘদিনৰ পৰা অসামাজিক কাৰ্যকলাপ চলি থকাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ দেওবাৰে স্থানীয় ৰাইজ একত্ৰিত হৈ অভিযান চলায় যদিও তিনিগৰাকী যুৱতীৰ লগতে এজন যুৱক হোষ্টেলৰ পিছ দুৱাৰেদি পথাৰৰ মাজেৰে পলায়নৰ চেষ্টা চলায় ৷ ইয়াৰ পিছত ৰাইজে যুৱতী তিনিগৰাকীক আটক কৰে যদিও যুৱকজন পলাই যাবলৈ সক্ষম হয় ৷

কলগাছিয়াত নাৰীদেহ ব্যৱসায় চক্ৰ উৎখাত

ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষীক অৱগত কৰা হয় যদিও আৰক্ষী সময়ত উপস্থিত নোহোৱাৰ উপৰিও গা এৰা মন্তব্য কৰাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী ৷ ক্ষোভিত ৰাইজে পথ অৱৰোধ কৰাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুৱতী তিনিগৰাকীক থানালৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক-অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলক লৈ ধুবুৰীত প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.