জনীয়া, 22 নৱেম্বৰ : কলগাছিয়াত পাৰিবাৰিক সংঘাতক কেন্দ্ৰ কৰি সংঘটিত হৈছে মাৰপিটৰ ঘটনা ৷ এই ঘটনাৰ ফলত আহত হৈছে এগৰাকী মহিলা(Woman injured due to family conflict) ৷ বৰপেটা জিলাৰ কলগাছিয়া থানা(Kalgachia Police Station)ৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱত(Balikuri NC Village) সংঘটিত হৈছে এই ঘটনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, আমিনুল হক নামৰ এজন ব্যক্তিৰ পত্নীৰ সৈতে কোনো কথাত মতানৈক্য ঘটিছিল একে গাঁৱৰে জমিৰ উদ্দিনৰ পত্নী জামিৰণ নেছাৰ ৷ প্ৰায় এসপ্তাহ পূৰ্বে এই মতানৈক্যই চূড়ান্ত পৰ্যায় পায়গৈ ৷ ফলস্বৰূপে দুয়োগৰাকী মহিলাৰ মাজত মাৰপিট সংঘটিত হয় বুলি অভিযোগ উত্থাপিত হৈছে ৷ এই ঘটনাত গুৰুতৰভাৱে আহত হয় আমিনুলৰ পত্নী শুকুৰজান নেছা ৷
পৰৱৰ্তী সময়ত আহত মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়(Barpeta Civil hospital)ত ৷ কিন্তু মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত প্ৰেৰণ কৰা হয় বৰপেটাস্থিত ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতাল(FAAMCH)লৈ ৷ সম্প্ৰতি ধনৰ অভাৱৰ বাবে চিকিৎসা আধৰুৱা হৈ ৰৈছে মহিলাগৰাকীৰ ৷
ইফালে, মাৰপিটৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ পৰিয়ালে বালিকুৰি থানাত দাখিল কৰিছিল এজাহাৰ ৷ কিন্তু এই পৰ্যন্ত আৰক্ষীয়ে দোষীক কৰায়ত্ত কৰাৰ বিপৰীতে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে শুকুৰজানৰ পৰিয়ালে ৷ সেয়ে দোষীৰ উচিত শাস্তিৰ দাবীৰে পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ ভুক্তভোগীয়ে স্থানীয় প্ৰশাসনক দাবী জনাইছে ৷
লগতে চাওক: North East Education Conclave : সামৰণি অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যপাল জগদীশ মুখীৰ