বৰপেটা, ১৭ মাৰ্চঃ বৰপেটাত আৰক্ষীৰ সুৰা অভিযান ৷ দেওবাৰে বৰপেটাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে বিলাতী সুৰা ৷ বৰপেটাৰ ডিআইচি অফিচৰ সন্মুখত আৰক্ষীয়ে জব্দ কৰিলে বহু পৰিমানৰ বিলাতী সুৰাৰ বটল ৷ হাউলীৰ পৰা বৰপেটা চহৰলৈ অবৈধভাৱে কঢ়িয়াই আনিছিল সুৰাৰ বটলসমূহ৷ বৰপেটা আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত হাউলীৰ পৰা এখন স্কুটীত কঢ়িয়াই অনাৰ মূহুৰ্তত সুৰাসহ এজন লোকক আটক কৰাৰ লগতে জব্দ কৰে স্কুটীখন ৷ লগতে দৌল মহোৎসৱৰ পূৰ্বে বৰপেটাত অবৈধ সুৰাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাব বুলি মন্তব্য কৰে বৰপেটা আৰক্ষীয়ে ৷
আনহাতে, আবকাৰী বিভাগৰ অকৰ্মন্যতাৰ বাবেই বৰপেটাত সুৰা সুলভ হৈ পৰিছে বুলি কয় স্থানীয় ৰাইজে৷ অবৈধ সুৰাৰ বেহাই সত্ৰনগৰীৰ সামাজিক পৰিৱেশ কলুষিত কৰি তুলিছে বুলিও মন্তব্য কৰে একাংশ সচেতন ৰাইজে৷