ETV Bharat / state

ন্যায় পাবনে বৰপেটাৰ টিংকুমনি দাসৰ পৰিয়ালে ? - বৰ্ষীয়ান সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰ

যোৱা 7 ছেপ্টেম্বৰৰ সন্ধিয়া বৰপেটাৰ পাটবাউসীত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড ৷ সন্ধিয়া ঘৰৰ সন্মুখৰ পৰাই টিংকুমনি দাস নামৰ এজন যুৱ লেখক, সমাজকৰ্মী সন্ধানহীন হোৱাৰ কিছুসময় পিচতেই হাত ভৰি বন্ধা অৱস্থাত যুৱকজনৰ মৃতদেহটো উদ্ধাৰ হৈছিল ঘৰৰ কাষৰে এটা পুখুৰীত ৷ পৰিয়ালে কৰা অভিযোগ অনুসৰি মাটিৰ সীমাক লৈ হোৱা মনোমালিন্যৰ বাবেই সত্যজিৎ দাস, কিচক দাস, বিনোদ দাস আদিকে ধৰি একাংশ লোকে হত্যা কৰিছে টিংকুমনি দাসক ৷ চাৰিজনী বাই ভনীৰ মাজত একমাত্ৰ পুত্ৰ সন্তান টিংকুমনি দাসক হেৰুৱাই পৰিয়ালটো হৈ পৰিছে উন্মাদ ৷

Will Tinkumoni Das get justice?
ন্যায় পাবনে বৰপেটাৰ টিংকুমনি দাসৰ পৰিয়ালে ?
author img

By

Published : Sep 11, 2020, 9:54 AM IST

বৰপেটা, 11 ছেপ্টেম্বৰ :একমাত্ৰ পুত্ৰক হেৰুৱাই বৃদ্ধা মাতৃৰ কান্দোনত সৰিছে গছৰ পাত ৷ চাৰিজনী বাই ভনীয়ে টুকিছে মাথো চকুপানী ৷ পিছে নাম উল্লেখ কৰি পৰিয়ালৰ লোকে আৰক্ষীক এজাহাৰ দিয়াৰ চাৰিদিন পিচতো হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত তিলমানো আগবঢ়া নাই আৰক্ষীৰ তদন্ত ৷ বিভিন্ন অজুহাতেৰে তদন্ত লেহেমীয়া কৰি অপৰাধীক সাৰি যোৱাৰ বাবে যেন সুযোগ দিব বিচাৰিছে আৰক্ষীয়ে ৷

ন্যায় পাবনে বৰপেটাৰ টিংকুমনি দাসৰ পৰিয়ালে ?

ঘৰৰ একমাত্ৰ ল’ৰাজনক হেৰুৱাই নিঠৰুৱা হৈ পৰা পৰিয়ালটোৱে সেয়ে বিচাৰিছে আৰক্ষীৰ সহায় ৷ পিছে তদন্ত প্ৰক্ৰিয়া যেন কৰবাত স্থবিৰ হৈ পৰিছে ৷ ফলত পৰিয়ালটোৰ লগতে বৰপেটা ছাত্ৰ সন্থা আৰু বৰ্ষীয়ান সাহিত্যিক অক্ষয় কুমাৰ মিশ্ৰয়ো টিংকুমনি দাসৰ হত্যাকাৰীক বিচাৰি উলিয়াবলৈ দাবী জনোৱাৰ লগতে আৰক্ষীৰ ভূমিকাক কৰিছে সমালোচনা ৷

আৰক্ষীৰ স্বাৰ্থত আঘাট পৰিলে তিলমান দোষতে সাধাৰণ লোকৰ ওপৰত বীৰত্ব দেখুওৱা আৰক্ষীয়ে পাটবাউসীৰ টিংকুমনি দাস নামৰ যুৱকজনৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ ক্ষেত্ৰত লোৱা নিষ্কিয় ভূমিকাক লৈ বৰপেটাৰ সৰ্বত্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে ৷ আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্বৰ লগতে উচিত শাস্তি দিয়াৰ পদক্ষেপ গ্ৰহণ কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ’বনে, সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়কঃ ‘কা’ আৰু EIA 2020 বাতিলৰ দাবীত টিংখাঙত জোঁৰ সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.