ETV Bharat / state

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন - বৰপেটা

বৰপেটা জিলাৰ ৬ টা বিধানসভা সমষ্টিৰ ভোট গ্ৰহণৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন সাজু হৈ পৰিছে ৷ জিলাখনত নিৰ্বাচনৰ ভোটগ্ৰহন প্ৰক্ৰিয়াত ৭,৯৮০ গৰাকী বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছে ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

author img

By

Published : Apr 5, 2021, 2:30 PM IST

বৰপেটা,5 এপ্ৰিল: কাইলৈ ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ বৰপেটা জিলাৰ বৰপেটা, চেঙা, বাঘবৰ, জনীয়া, সৰুক্ষেত্ৰী আৰু সৰভোগ সমষ্টিটো অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ৷ মুঠ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে এই সমষ্টিকেইটাত ৷ জিলাখনৰ আটাইকেইটা সমষ্টিৰ ভোটগ্ৰহনৰ বাবে ১,৫৯৬ টা ভোটগ্ৰহন কেন্দ্ৰ স্থাপন কৰা হৈছে ৷ ইয়াৰে ৬১ টা ভোটগ্ৰহন কেন্দ্ৰ জটিল কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে আৰু উক্ত কেন্দ্ৰসমূহত একোজনকৈ মাইক্ৰ' অৱজাৰ্ভাৰ নিয়োগ কৰা হৈছে ৷ জিলাখনৰ মুঠ ১১ লাখ ৬৪ হাজাৰ ৬৮ গৰাকী ভোটাৰে ৬ এপ্ৰিল অৰ্থাৎ কাইলৈ নিৰ্ধাৰণ কৰিব প্ৰাৰ্থী সকলৰ ভাগ্য ৷

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বৰপেটা জিলা প্ৰশাসন

ইতিমধ্যে জিলাখনৰ নিৰ্বাচনী বিষয়া সকল ভোট গ্ৰহন কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে ৷ জিলাখনৰ চৰ-চাপৰি আৰু দুৰ্গম অঞ্চলৰ ১৩৮ টাকৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়াসকল দেওবাৰেই ৰাওনা হৈছে ৷ আজি জিলাখনৰ ১,৪৫৮ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ নিৰ্বাচনত জড়িত বিষয়াসকল ৰাওনা হ'ব ৷ জিলা প্ৰশাসনে জনোৱা মতে, জিলাখনৰ ৬ টা সমষ্টিৰ ৭৯৮ টা ভোটগ্ৰহন কেন্দ্ৰত চিচিটিভি কেমেৰা সংযোগ কৰি ভোটগ্ৰহন প্ৰক্ৰিয়াৰ ৱেব কাষ্টিঙৰ ব্যৱস্থা গ্ৰহন কৰিছে প্ৰশাসনে ৷

অন্য এক খবৰৰ বাবে: বিলাসীপাৰাৰ ভোটকেন্দ্ৰলৈ ৰাওনা প’লিং-প্ৰিজাইডিং বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.