ETV Bharat / state

জল সম্পদ বিভাগ নহয়, খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিছে গাঁৱৰ ৰাইজ - ৰাজ্যৰ ভিন্ন প্ৰান্তত নদীসমূহে কালৰূপ ধাৰণ কৰিছে

ৰাজ্যৰ ভিন্ন প্ৰান্তত নদীসমূহে কালৰূপ ধাৰণ কৰিছে । বৰপেটা জিলাৰ বহু স্থান এতিয়া গৰাখহনীয়াৰ কৱলত পৰিছে (Erosion in Barpeta)। শংকিত একাংশ লোকে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নিজাববীয়াকৈ প্ৰচেষ্টা লৈছে । চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰতো ক্ষোভ উজাৰিছে ৰাইজে ।

erosion
খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিছে গাঁৱৰ ৰাইজ
author img

By

Published : May 28, 2022, 1:58 PM IST

জনীয়া,২৮ মে' : বাৰিষা অহা লগে লগে এতিয়া ৰাজ্যৰ বিভিন্ন নদী-উপনদীসমূহে কালৰূপ ধাৰণ কৰিছে (Flood in Assam)। বৰপেটাৰ বেকী নদীয়েও পূৰ্বৰ দৰেই একেই ৰূপ লৈছে । ইতিমধ্যে নদীখনে বহু স্থানত ভয়ংকৰ গৰাখহনীয়াৰ সৃষ্টি কৰিছে (Erosion in Barpeta)। বিগত বছৰৰ দৰে হাজাৰ হাজাৰ লোকৰ মাটি-ভেটি নদীত জাহ যোৱাৰ উপক্ৰম হৈছে ।

বিশেষকৈ বৰপেটাৰ অন্তৰ্গত কলগাছিয়াৰ কাওৰজাহিত নৈখনে ভয়ংকৰ ৰূপ লৈছে । ঠায়ে ঠায়ে আৰম্ভ হৈছে গৰাখহনীয়া । কিন্তু এতিয়ালৈ বিভাগীয় কৰ্তৃপক্ষই প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । যাৰ বাবে সমস্যাত পৰিছে অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজ শংকিত হৈ পৰিছে ।

erosion
নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা বৰপেটাৰ ৰাইজৰ

জলসম্পদ বিভাগ বা জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । গৰাখহনীয়া প্ৰতিৰোধৰ বাবে অঞ্চলটোৰ ৰাইজ ওলাই আহিছে (Villagers come out to prevent erosion in Barpeta)। কেইবাখনো গাঁৱৰ ৰাইজে মিলি গৰখনীয়া প্ৰতিৰোধ সমিতি গঠন কৰিছে । লগতে ঘৰে ঘৰে বাঁহ আৰু টকা পইচা সংগ্ৰহ কৰি বিনামূলীয়া শ্ৰম দানেৰে লোকসকলে গৰখহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ কৰিছে । ইয়াৰোপৰি দুৰ্যোগৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ নেদেখা জনৰ ওচৰত সমূহীয়াভাৱে প্ৰাৰ্থনাও কৰিছে ৰাইজে ।

উল্লেখ্য যে বিগত বছৰত বেকী নদীয়ে গতিপথ সলনি কৰাৰ ফলত কাওৰজাহি, বলাইপাথাৰ, খাৰবালি, সুতিৰপাথাৰ, আমগুৰি আৰু শওপুৰৰ বিভিন্ন অংশত বহু লোকে ঘৰ-দুৱাৰ হেৰুৱাবলগীয়া হৈছিল ।অভয়াপুৰীৰ পৰা বৰপেটা হৈ আমিনগাঁৱলৈ যোৱা ৰাজ্যিক ঘাইপথৰ বেকী দলঙৰ দাঁতিত বিধ্বংসী খহনীয়াৰ সৃষ্টি হৈছিল । ৰাইজে বিধায়াক, সাংসদ, জিলা উপাযুক্ত আৰু অসম চৰকাৰৰ ওচৰত খহনীয়া প্ৰতিৰোধৰ বাবে বিভিন্ন ধৰণৰ আহ্বান জনাইছে যদিও এবছৰত কোনো ব্যবস্থাই নল'লে চৰকাৰে ।

খহনীয়া প্ৰতিৰোধৰ বাবে হাতে কামে লাগিছে গাঁৱৰ ৰাইজ

যাৰ বাবে ৰাইজে ওলাই আহি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলগীয়া হৈছে । ৰাইজে জানিবলৈ দিয়া মতে এই ক্ষেত্ৰত জনীয়াৰ বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে সমষ্টিৰ উন্নয়ন পুঁজিৰ পৰা পাঁচ লাখ টকা গৰাখহনীয়া প্ৰতিৰোধৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি ইতিমধ্যে আশ্বাস দিছে ।

লগতে পঢ়ক :জৰুৰী অৱস্থাৰ বাবে মুকলি মুখ্যমন্ত্ৰীৰ ৰাজহুৱা জৰুৰীকালীন আঁচনি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.