বৰপেটা, 17 জুলাই: বিটিচিৰ নিৰ্বাচনত জয়ী হোৱাৰ প্ৰাৰ্থনাৰে গুৰুৰ আশীৰ্বাদ বিচাৰি শুকুৰবাৰে বৰপেটা সত্ৰ দৰ্শন কৰিলে ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ৷ এবছুৰ সভাপতি দ্বীপেন বড়োৰ সৈতে বৰপেটা সত্ৰত উপস্থিত হৈ কৰ'ণা মহামাৰীৰ পৰা বিশ্ববাসীয়ে পৰিত্ৰাণ লাভ কৰাৰ লগতে বিশ্ববাসীৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনাই নেতা গৰাকীয়ে ৷
সত্ৰ দৰ্শন কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰি নেতা গৰাকীয়ে কয় যে,"বিপিএফৰ দীঘলীয়া শাসনৰ পৰা বিটিচিৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে ৷ বিটিচিত আইনৰ শাসন চলি থকা নাছিল আৰু বিটিচিত অবাধ দুৰ্নীতি হৈছে "৷ ইয়াৰ উপৰিও বিপিএফ চৰকাৰৰ কাম কাজ বিটিচিৰ ৰাইজে ভাল পোৱা নাই বুলিও উল্লেখ কৰে নেতা গৰাকীয়ে ৷
ইপিনে আগন্তুক বিটিচি নিৰ্বাচনত ইউ পি পি এলে অকলেই নিৰ্বাচন খেলিব আৰু সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে নেতা গৰাকীয়ে ৷ অৱশ্যে বিটিচিৰ উন্নয়ণৰ স্বাৰ্থত মনে মিলা দলৰ সৈতে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে বুলিও মন্তব্য কৰে ইউ পি পি এলৰ সভাপতিগৰাকীয়ে ৷ ইপিনে ৰাজনীতিৰ প্ৰতি ৰাইজৰ মোহভংগ হৈছে বুলি মন্তব্য কৰি এজন নেতা বা এটা দলকে শাসনত বহাব লাগিব বুলি কথা নাই তাৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াক শক্তিশালী কৰি ৰাইজৰ আশা পূৰণ কৰিব নোৱাৰা নেতাক আতৰাই পঠোৱাৰ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷
আনহাতে এবছুৰ সভাপতি দ্বীপেন বড়োৱেও বৰপেটা সত্ৰ দৰ্শন কৰি ধন্য হোৱা বুলি মন্তব্য কৰি বিটিচিৰ বড়ো ৰাইজৰ সৈতে সকলো অসমবাসীৰ মংগল কামনা কৰে ৷
লগতে পঢ়কঃ গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত 184 গৰাকীৰ দেহত ক'ভিড-19