ETV Bharat / state

শুকুৰ আলী OUT জছিম খান IN

author img

By

Published : Mar 4, 2021, 2:03 PM IST

চেঙা সমষ্টি উদ্ধাৰত নামি পৰিছে VPI দল । কেইবাটাও প্ৰতিশ্ৰুতিৰে ৰাইজৰ মাজত VPI দলৰ কেন্দ্ৰীয় যুৱ নেতা জছিম খান ।

শুকুৰ আলী OUT জছিম খান IN
শুকুৰ আলী OUT জছিম খান IN

বৰপেটা,4 মাৰ্চঃ ৰাজ্যত নিৰ্বাচনীৰ গৰম বতাহ বলি থকাৰ মাজতে এইবাৰ চেঙা সমষ্টি উদ্ধাৰ কৰিবলৈ তৎপৰ হৈছে ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেল চমুকৈ VPI দল ৷ চাৰিবাৰৰ কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদক বাহিৰ কৰি VPI দলৰ যুৱনেতা জছিম খানক চেঙা সমষ্টিত অন্তৰ্ভূক্ত কৰিবলৈ মন মেলিছে ভোটাৰ পাৰ্টী ইণ্টাৰনেচনেল দলে ৷ যাৰ বাবে সঘনে এতিয়া চেঙা সমষ্টিৰ চুকে-কোণে দেখিবলৈ পোৱা গৈছে VPI দলৰ সাম্ভাব্য প্ৰাৰ্থী জছিম খানক ৷

শুকুৰ আলী OUT জছিম খান IN

চাৰিবাৰৰ কংগ্ৰেছৰ বিধায়ক শুকুৰ আলী আহমেদৰ কাৰ্যকালত চেঙা সমষ্টিত কোনো ধৰণৰ উন্নয়ন পৰিলক্ষিত নোহোৱাৰ অভিযোগ দলটোৰ ৷ সেয়ে এইবাৰ চেঙা সমষ্টিৰ উন্নয়নৰ হকে ওলাই আহিছে VPI দলৰ সাম্ভাব্য প্ৰাৰ্থী জছিম খান ৷

চেঙাৰ ৰৌমাৰী পথাৰত স্থানীয় ৰাইজৰ সৈতে জছিম খানে মত বিনিময় কৰি বান সমস্যা, দ্বি-ভোটাৰৰ সমস্যা, নিবনুৱা সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । প্ৰতিজন ভোটাৰক প্ৰতিমাহে ৬ হাজাৰ টকাকৈ প্ৰদান কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে দলটোৰ সাম্ভাব্য প্ৰাৰ্থী গৰাকীয়ে ।

কংগ্ৰেছৰ চাৰিবাৰৰ বিধায়ক শুকুৰ আলী আহমেদক ক্ষুৰধাৰ সমালোচনা কৰি একাংশ স্থানীয় লোকে এইবাৰ VPI দলৰ যুৱনেতা জছিম খানক চেঙা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত কৰিব বুলি মন্তব্য কৰে । আনহাতে, ৰৌমাৰী পথাৰৰ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিবলৈ জছিম খানক অনুৰোধ জনাইছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃ দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চিলনী চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.