ETV Bharat / state

লাচাংগা গাঁৱত নতুনকৈ নিৰ্মাণ হোৱা গৃহ উন্মোচন - unveiling of a newly constructed house

২০১৭ চনৰ পৰা ২০২১ খচৰা ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নকৰি আবেদনকাৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে। ইয়াৰ বাবে নিৰ্বাচনী বিষয়া দায়ী : সাংসদ আব্দুল খালেক।

Jania Panchayat Inauguration
লাচাংগা গাঁৱত নতুনকৈ নিৰ্মাণ হোৱা গৃহ উন্মোচন
author img

By

Published : Dec 6, 2020, 8:28 PM IST

জনীয়া, 6 ডিচেম্বৰ : ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬১ নং লাচাংগা গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ নতুনকৈ নিৰ্মাণ হোৱা গৃহটি উন্মোচন কৰা হয়। এই উপলক্ষে লাচাংগা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ফৰিদা পাৰবীনৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন উন্মোচনী সভা ।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়তৰ সচিব হবিবৰ ৰহমানে । এই সভাত সভাগৃহ উন্মোচক তথা মুখ্য অতিথি হিচাপে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক, বিশিষ্ট অতিথি হিচাপে বৰপেটা জিলা পৰিষদৰ উপ সভাপতি ছামচুল হক, ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন, বৰপেটা জিলা পৰিষদৰ সদস্য এম হাবিব উল্লাহ, বৰপেটা জিলা সভাপতি সন্থাৰ সভাপতি ইজাজুল হক ৰহিম, ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া মঞ্জুশ্ৰী ঘোষ উপস্থিত থাকি ভাষন প্ৰদান কৰে।

লাচাংগা গাঁৱত নতুনকৈ নিৰ্মাণ হোৱা গৃহ উন্মোচন

সভাত গুইলাজাৰ গাওঁ পঞ্চায়তৰ সভাপতি চৈয়দ আলী মণ্ডল, শওঁপুৰ গাওঁ পঞ্চায়তৰ সভানেত্ৰী স্বমেলা মণ্ডলকে ধৰি ভালে সংখ্যক আঞ্চলিক সদস্য আৰু পঞ্চায়ত সভাপতি-সভানেত্ৰী সকল উপস্থিত থাকে । সভাৰ অন্তত সাংবাদিকৰে সৈতে হোৱা এক আছুতীয়া সাক্ষাতকাৰত সাংসদ আব্দুল খালেকে কলে, জনীয়া সমষ্টিৰ লগতে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন বিধানসভা সমষ্টিত ২০১৭ চনৰ পৰা ২০২১ খচৰা ভোটাৰ তালিকাত নতুন ভোটাৰৰ নাম অন্তৰ্ভূক্ত নকৰি আবেদনকাৰীৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে । এইক্ষেত্ৰত নিৰ্বাচনী বিষয়াক দায়ী কৰে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ গৰাকীয়ে।

সাংসদ গৰাকীয়ে আৰু কয় যে, চৰকাৰে ষড়যন্ত্ৰমূলক ভাৱে সংখ্যালঘু ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবও পাৰে । কাৰণ সংখ্যালঘু অধ্যুষিত এলেকাৰ কিছু কিছু ভোট কৰ্তন কৰিলে বিজেপিৰ জিকিবলৈ সহায় হয় ৷ ইয়াৰ বাবেও চৰকাৰে এনে কাম কৰিব পাৰে বুলিও তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায় আব্দুল খালেকে।

লগতে পঢ়ক: বৰপেটাত লটাৰীৰ টিকটসহ আটক দুই ব্যৱসায়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.