ETV Bharat / state

বৰপেটাত সমবায় সমিতিৰ বৃহৎ পৰিমাণৰ চোৰাং চাউল জব্দ - খন্দকাৰপাৰাত দক্ষিণ ৰূপসী সমাবয় সমিতি

বৰপেটা জিলাৰ বিভিন্ন সমবায় সমিতিৰ চাউল চোৰাং বজাৰত বিক্ৰী কৰাৰ দাবী প্ৰমাণ কৰিলে দক্ষিণ ৰূপসী সমবায় সমিতিয়ে । চোৰাং বেপাৰীক বিক্ৰী কৰা চাউলসহ চাউল কঢ়িয়াই নিয়া গাড়ী জব্দ ।

Unlawful Rice Seized at barpeta
বৰপেটাত বৃহৎ পৰিমাণৰ সমবায় সমিতিৰ চোৰাং চাউল জব্দ
author img

By

Published : Aug 22, 2020, 8:04 AM IST

বৰপেটা,22আগষ্টঃ শুকুৰবাৰে বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত খন্দকাৰপাৰাত দক্ষিণ ৰূপসী সমবায় সমিতিৰ সুলভ মূল্যৰ চাউলসহ এখন চাউল কঢ়িয়াই নিয়া বাহন জব্দ হয়। বৰপেটা যোগান বিভাগৰ অতিৰিক্ত উপায়ুক্তৰ উপস্থিতিত উপ-পৰিদৰ্শকে জব্দ কৰে ৪৭১ বস্তা চাউলসহ বাহনখন । বৰপেটা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহযোগত জাকিৰ হুছেইন নামৰ চোৰাং ব্যৱসায়ীৰ ঘৰৰ পৰা জব্দ কৰা হয় চাউলখিনি । দক্ষিণ ৰূপসী সমাবয় সমিতিৰ সম্পাদকৰ খন্দকাৰপাৰাৰ গুদামৰ পৰা জাকিৰ হুছেইনে কিনি নিছিল চাউলখিনি ।

ইপিনে খন্দকাৰপাৰাৰ গুদামৰ পৰা আনি ঘৰত নমাই অন্য বস্তাত পেকিং কৰি থকাৰ সময়তে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জব্দ কৰে চাউলখিনি । চাউলখিনি জব্দ কৰি হাউলী আৰক্ষীক খবৰ দিয়া হয় যদিও আৰক্ষীয়ে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । পিছত বৰপেটা জিলাৰ উপায়ুক্তৰ জৰিয়তে যোগান বিভাগৰ বিষয়া দুলাল দেৱনাথৰ উপস্থিতিত জব্দ কৰা হয় চাউলখিনি । দক্ষিণ ৰূপসী সমবায় সমিতিৰ সভাপতি ছামেচ উদ্দীন আৰু সম্পাদক আজিজুৰ ৰহমানে চোৰাং বেপাৰীক বিক্ৰীৰ অভিযোগ সংগঠনটোৰ । সমিতিখনৰ সভাপতি আৰু সম্পাদক গ্ৰেপ্তাৰ নকৰিলে অনশন কাৰ্যসূচী হাতত ল'ব বুলি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকর্তাই উল্লেখ কৰে ।

বৰপেটাত বৃহৎ পৰিমাণৰ সমবায় সমিতিৰ চোৰাং চাউল জব্দ

লগতে পঢ়কঃ চুৰি সামগ্ৰী সহ ৭ জন গভাইত চোৰ আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.