ETV Bharat / state

পাঠশালাত দুৰ্বৃত্তৰ দ্বাৰা শিশু অপহৰণৰ চেষ্টা

author img

By

Published : Oct 14, 2021, 2:04 PM IST

বুধবাৰে পাঠশালাত এটি দহ বছৰীয়া শিশু অপহৰণ(Child Kidnap)ৰ চেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ বাইকত উঠাই দুৰ্বৃত্তই চকুত ক’লা কাপোৰ বান্ধি পাঠশালা ৰে’ল ষ্টেচন(Pathsala Railway Station)লৈ নিয়ে শিশুটিক । বহু বিচাৰ-খোচাৰৰ মূৰত ষ্টেচনৰ পৰা শিশুটিক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ৷

kidnaper-tried-to-kidnap-a-10-years-old-boy-at-pathsala
পাঠশালাত দহ বছৰীয়া শিশু অপহৰণৰ চেষ্টা

পাঠশালা, 14 অক্টোবৰ : বজালী জিলাৰ সদৰ পাঠশালাত শিশু অপহৰণ(Child Kidnap)ৰ চেষ্টা ৷ বুধবাৰে পাঠশালা নগৰৰ 3 নং ৱাৰ্ডৰ নিৱাসী ক্ষুদ্ৰ ব্যৱসায়ী অনিল শৰ্মাৰ দহ বছৰীয়া পুত্ৰক অপহৰণৰ চেষ্টা চলায় অচিনাক্ত দুৰ্বৃত্তই ৷ মুখত মাস্ক পৰিধান কৰি ঘৰত কোনো নথকাৰ সুযোগ লৈ শিশুটিক অপহৰণৰ চেষ্টা কৰিছিল দুৰ্বৃত্তই ৷

পাঠশালাত দহ বছৰীয়া শিশু অপহৰণৰ চেষ্টা

অচিনাক্ত দুৰ্বৃত্তই পিষ্টল দেখুৱাই শিশুটিক ভয় খুওৱা বুলি জানিব পৰা গৈছে ৷ শিশুটিৰ ভাষ্য অনুসৰি, ঘৰৰ পৰা বাইকত উঠাই দুৰ্বৃত্তই চকুত ক’লা কাপোৰ বান্ধি প্ৰথমে পাঠশালা ৰে’লৱে ষ্টেচন(Pathsala Railway Station)লৈ লৈ যায় শিশুটিক । ইয়াৰ পাচতে দুৰ্বৃত্তই পাঠশালা ষ্টেচনত কিছু সময় বহুৱাই ৰাখি হাতত 50 টকা দি শিশুটিক ৰে’ল আহিলে ৰে’লত উঠিবলৈ কয় ৷

শিশুটিক ষ্টেচনত বহুৱাই দূৰৰ পৰাই প্ৰত্যক্ষ কৰি আছিল দুৰ্বৃত্তই । ইফালে শিশুটিক ঘৰত নেদেখি পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ আৰম্ভ কৰে৷ অৱশেষত ৰে’ল অহাৰ পূৰ্বেই ষ্টেচনৰ পৰা শিশুটিক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ৷ ঘটনা সন্দৰ্ভত পাঠশালা আৰক্ষী(Pathsala Police)ক অৱগত কৰে শিশুটিৰ পিতৃ-মাতৃয়ে ৷

লগতে পঢ়ক : ছাত্ৰীক পলুৱাই নি ৰঙাঘৰত সোমাল শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.