বৰপেটা, ১৭ এপ্ৰিল: দিল্লীত গ্ৰহণ কৰা চৰকাৰী আঁচনি দেশৰ দূৰ-দূৰণিৰ জিলাসমূহলৈ সম্প্ৰসাৰিত হৈছে । সোমবাৰে বৰপেটাত এইদৰে কয় কেন্দ্ৰীয় মীন, পশুপালন আৰু দুগ্ধ উৎপাদন মন্ত্ৰী পুৰুষোত্তম ৰূপালাই (Union Minister of Fisheries at Barpeta)। দুদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলা ভ্ৰমণৰ উদ্দেশ্য়ে উপস্থিত হৈ নিজৰ বিভাগবোৰৰ কাম-কাজ পৰিদৰ্শন কৰি তেওঁ এইদৰে মন্তব্য় কৰে (Union Minister at review meeting in Barpeta)। অৱশ্যে কৃষক তথা উৎপাদকসকলক অধিক সহায় সহযোগিতাৰ প্ৰয়োজন আছে বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সোমবাৰে বৰপেটা জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে । মন্ত্ৰী পুৰুষোত্তম ৰূপালাই বৰপেটাৰ কৰেৰতলত থকা মৎস্য উৎপাদক হেমন্ত ডেকাৰ উৎপাদন ক্ষেত্ৰ পৰিদৰ্শন কৰে (Fisheries Field Inspection in Barpeta) । বিজ্ঞানসন্মত পদ্ধতিৰে ডেকাই কিদৰে মাছ উৎপাদন কৰি লাভৱান হৈছে সেই বিষয়ে বুজ লোৱাৰ উপৰি চৰকাৰী আঁচনিৰ কি কি সুফল লাভ কৰিবলৈ সক্ষম হৈছে তাৰো বুজ লয় । এই পৰিদৰ্শনৰ পাচত তেওঁ কয় যে, বৰপেটা জিলাত মাছ উৎপাদন, পশুপালন আৰু দুগ্ধ উৎপাদন অধিকৰ পৰা অধিকতৰ কৰাৰ যথেষ্ট সুযোগ আছে । কাৰণ জিলাখনৰ কৃষকসকলে যথেষ্ট কষ্ট কৰিব পাৰে ।
কেন্দ্ৰীয় মন্ত্ৰী পুৰুষোত্তম ৰূপালাই কয় যে, নিজৰ প্ৰচেষ্টাতে তেওঁলোকে বহু আগবাঢ়িবলৈ সক্ষম হৈছে । চৰকাৰী আঁচনিৰো সুবিধা তেওঁলোকে লাভ কৰিছে । অৱশ্যে তেওঁলোকক চৰকাৰীভাৱে অধিক সহায়ৰ প্ৰয়োজন আছে বুলি মন্তব্য় কৰি ইয়াৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । মাছ উৎপাদক সকলক প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ পৰা সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ ৰূপালাই পৰামৰ্শ আগবঢ়ায় (Pradhan Mantri Matsya Sampada Yojana)।
এই ভ্ৰমণতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ছাগলী আৰু গাহৰিৰ ফাৰ্মো পৰিদৰ্শন কৰে । তদুপৰি তেওঁ বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত এটা কমিউনিটি ৰেডিঅ' ষ্টেচনো মুকলি কৰে । নিটি আয়োগৰ অৰ্থ সাহাৰ্যত আৰু মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ উদ্যোগত স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে চৰকাৰ তথা জিলা প্ৰশাসনৰ কামকাজ, সাংস্কৃতিক কাৰ্যসূচী, শিক্ষামূলক কাৰ্যসূচী আদি সম্প্ৰচাৰ কৰা হ'ব (Madhav Chaudhary College)।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাত মীন, পশুপালন আৰু দুগ্ধ উৎপাদন ব্যৱস্থা কি পৰ্যায়ত আছে আৰু কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবোৰৰ ৰূপায়ণ কিদৰে কৰা হৈছে সেই বিষয়ে এক আলোচনাত মিলিত হয় । ইয়াৰ জৰিয়তে ক্ষেত্ৰকেইখনৰ লগত জড়িত লোকসকল কিদৰে উপকৃত হৈছে তাৰ বুজ ল'বলৈ জিলাখনৰ সংশ্লিষ্ট বিভাগবোৰৰ মূৰব্বী বিষয়াসকলৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত এক আলোচনাত মিলিত হয় ।
লগতে পঢ়ক:Death trap of electricity department : মৰণফান্দত পৰিণত ডুমডুমা কলিয়াপানীৰ এটা বৈদ্যুতিক খুঁটা