জনিয়া, 28 আগষ্ট : বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত চোৰৰ টিঘিলঘিলনি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ইয়াৰ মাজতে পুনৰ বৰপেটা জিলাৰ কলগাছিয়া বজাৰৰ মাজমজিয়াত দেওবাৰে নিশা এক চুৰিকাণ্ড সংঘটিত হয় ৷ অসমীয়াত এষাৰ কথা আছে, চোৰৰ দহদিন গৃহস্থৰ এদিন। এইবাৰ ফান্দত পৰিল দুয়োটা চোৰ ৷
জানিব পৰা মতে কলগাছিয়া বজাৰত আলী হুছেইন আৰু ইমদাদুলে বিক্ৰীৰ বাবে ৰাখি থোৱা এখন বিচনা নিশা চুৰি কৰি লৈ যায়। কিন্তু পুৱা দোকানখনৰ স্বত্বধিকাৰীয়ে আহি বিচনা হিচাপ কৰাত এখন বিচনা হিচাপতকৈ কমকৈ পোৱাত চিন্তিত হৈ পৰে ৷ লগে লগে তেওঁলোকে ওচৰ চুবুৰীয়াক সোধা-পোছা কৰাত নিশা প্ৰায় ১১ বজাত কালু নামৰ চোৰৰ লগতে আন এটা চোৰে ঠেলাৰে বিচনা এখন লৈ যোৱা প্ৰত্যক্ষ কৰে বুলি জানিবলৈ দিয়ে ৷
এই কথা গম পোৱাৰ পিচতে পিচমুহূৰ্তত ৰাইজৰ সহযোগত কালু আৰু ছলেমান নামৰ দুই চোৰক আটক কৰি উত্তম মাধ্যম সোধাই স্থানীয় ৰাইজে ৷ তেতিয়া চোৰ দুটাই স্বীকাৰ কৰে যে, কলগাছিয়াৰ ছাদ্দাম আলীৰ ঘৰত চুৰি কৰা বিচনাখন ৰাখি থৈছিল চোৰ দুটাই ৷
স্বত্বধিকাৰীজনে এই কথা গম পাই ৰাইজৰ সহযোগত দুই চোৰক লগত লৈ ছাদ্দাম আলীৰ ঘৰৰ পৰা বিচনাখন লৈ আহে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে কলগাছিয়া বজাৰৰ পৰা কেইবাবাৰো চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । কিন্তু চোৰ ধৰা পৰা নাছিল। ৰাইজে জানিবলৈ দিয়া মতে দীৰ্ঘদিন দিন ধৰি বৃহত্তৰ কলগাছিয়া অঞ্চলত ড্ৰাগছৰ সেৱন অতিমাত্ৰা বৃদ্ধি পোৱাৰ বাবে এনে চুৰিকাণ্ড সংঘটিত হৈ আহিছে ৷ অচিৰেই নিচাযুক্ত সামগ্ৰীৰ বেপাৰ বন্ধ কৰি এনে অপৰাধমূলক ঘটনা ৰোধিবলৈ আহ্বান জনায় স্থানীয় ৰাইজে ৷ সম্প্ৰতি চোৰ দুটাক আৰক্ষীয়ে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:Murder in Guwahati : পৰকীয়া প্ৰেমৰ বাবেই নিঃশেষ বৰাগাঁৱৰ এটা পৰিয়াল