বৰপেটাৰোড, 21 ডিচেম্বৰ : নিজৰ জন্মদিন সুকলমে পালন কৰিবলৈ কাৰ মন নাথাকে ৷ পিছে এই জন্মদিন পালনেই কাল হ'ল দুগৰাকী যুৱক-যুৱতীৰ ৷ সোমবাৰে সৰভোগৰ সমীপৰ বেকী নৈৰ দলঙত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ জন্মদিনৰ কেক কটাৰ পূৰ্বে জ্বলোৱা মমবাতিৰ পৰা জুইৰ সূত্ৰপাত ঘটি আহত হয় দুগৰাকী যুৱক-যুৱতী (Two people burnt in birthday celebration) ৷
বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জানিবলৈ দিয়া অনুসৰি, সোমবাৰে AS 19 N 8376 নম্বৰৰ এখন বাহনৰে যুৱক-যুৱতী দুগৰাকীয়ে সৰভোগৰ বেকী নৈৰ দলঙত জন্মদিন উদযাপন কৰিবলৈ আহিছিল ৷ কিন্তু দুৰ্ভাগ্যক্ৰমে তাতেই অঘটনটো সংঘটিত হয় ৷ মমবাতিৰ পৰা সূত্ৰপাত ঘটা জুইৰ ফলত কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয় দুয়োগৰাকী ৷
আহত যুৱক-যুৱতী দুগৰাকীৰ নাম ক্ৰমে ৰণোজ জাজোদিয়া আৰু স্বয়ছমিতা অধিকাৰী ৷ দুয়োগৰাকী সৰভোগৰ বাসিন্দা ৷
উল্লেখ্য যে, এই ঘটনা সংঘটিত হোৱাৰ সময়ত দুয়োগৰাকীৰ বন্ধু নৱজিৎ দাস ঘটনাস্থলীত উপস্থিত আছিল ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় বৰপেটা আৰক্ষী ৷ আৰক্ষীয়ে দুয়োগৰাকীকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱাৰ বিপৰীতে তদন্তৰ স্বাৰ্থত নৱজিৎ দাসক বৰপেটাৰোড থানালৈ নিয়ে ৷
লগতে পঢ়ক : Domestic violence in Assam: বৰপেটাত বোৱাৰীক হত্যা কৰি পলায়ন স্বামী পৰিয়ালৰ