ETV Bharat / state

এশ টকীয়া লটাৰী টিকটত দুই বন্ধুৱে লাভ কৰিলে প্ৰায় 34 লাখ টকীয়া বাছ

author img

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 6:16 PM IST

উপহাৰ কুপন খেলত দুই বন্ধুৱে প্ৰথম পুৰস্কাৰ হিচাবে লাভ কৰিলে এখন টাটা আল্ট্ৰা বাছ ৷ এশ টকীয়া লটাৰী টিকটত দুই বন্ধুৱে লাভ কৰিলে প্ৰায় 34 লাখ টকীয়া বাছ ৷

Own a Ultra Bus Worth Rs 34 Lakh
ভাগ্য সলনি হ’ল দুই বন্ধুৰ
লটাৰী টিকটে দুই বন্ধুৰ জীৱনলৈ আনিলে আনন্দৰ বতৰা

বৰপেটা, 20 নৱেম্বৰ : এইবাৰ এশ টকীয়া লটাৰী টিকটত দুই বন্ধুৱে লাভ কৰিলে প্ৰায় 34 লাখ টকীয়া টাটা আল্ট্ৰা বাছ ৷ উপহাৰ লাভ কৰা দুই বন্ধুৰ ভিতৰত পেছাত এগৰাকী গাড়ীচালক আৰু আনগৰাকী ৰাজমিস্ত্ৰী ৷ গাড়ীচালক আৰু ৰাজমিস্ত্ৰীৰ কাম কৰি পৰিয়াল পোহপাল দিয়া বৰপেটাৰ পাটবাউসীৰ এই দুই বন্ধুৰ জীৱনলৈ লটাৰী খেলে আনিলে আনন্দৰ বতৰা ৷

বৰপেটাৰ কেওঁটকুছি গাঁৱত অনুষ্ঠিত লক্ষ্মী পূজা মহোৎসৱৰ মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে অনুষ্ঠিত উপহাৰ কুপন খেলত এই দুই বন্ধুৱে লাভ কৰিলে প্ৰথম পুৰস্কাৰ হিচাবে এখন টাটা আল্ট্ৰা বাছ ৷ এম বি কনষ্ট্ৰাকশ্যন কোম্পানীৰ ৰ'লাৰ চালক পাটবাউসী গাঁৱৰ টীকেন্দ্ৰ দাসক কেওঁটকুছিত অনুষ্ঠিত হোৱা লক্ষ্মীপূজা উপলক্ষে আয়োজিত উপহাৰ কুপনৰ দুখন বহী বিক্ৰীৰ বাবে দিছিল আয়োজক সমিতিয়ে ৷ কিন্তু 4 হাজাৰ টকাৰে লটাৰীৰ দুখন বহীত থকা 50 টা কুপন ক্ৰয় কৰাৰ সামৰ্থ নাছিল ৰ'লাৰ চালক টীকেন্দ্ৰ দাসৰ ৷

চালকজনে বহু চেষ্টা কৰিও কাৰো ওচৰত এটাও টিকট বিক্ৰী কৰিবলৈ সক্ষম নহ'ল ৷ অৱশেষত ৰাজমিস্ত্ৰী বন্ধু প্ৰশান্ত দাসৰ ওচৰত লটাৰীৰ টিকট বিক্ৰীৰ বাবে যায় আৰু ৰাজমিস্ত্ৰী বন্ধুজনে দুয়োখন বহী দুয়োজনে মিলি ৰাখিব বুলি আশ্বাস দিয়ে ৷ এনেদৰেই পাটবাউসীৰ গাড়ীচালক আৰু ৰাজমিস্ত্ৰী দুই বন্ধুৰ জীৱনলৈ লটাৰী খেলে আনিলে আনন্দৰ বতৰা ৷ চাৰি হাজাৰ টকাৰ টিকট ক্ৰয় কৰি দুই বন্ধুৱে লাভ কৰিলে প্ৰায় 34 লাখ টকা মূল্যৰ এখন টাটা আল্ট্ৰা বাছ ৷

উপহাৰ হিচাপে লাভ কৰা বাছখন বিক্ৰী কৰি দুই বন্ধুৱে জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ সপোন দেখিছে বুলি প্ৰকাশ কৰিলে সংবাদ মাধ্যমৰ আগত ৷ ইফালে কেওঁটকুছি লক্ষ্মীপূজাৰ মন্দিৰ নিৰ্মাণৰ সাহাৰ্যাৰ্থে অনুষ্ঠিত খেলখনৰ দ্বিতীয় পুৰস্কাৰ মহিন্দ্ৰা থাৰ গাড়ীখনৰ ভাগ্যৱান বিজেতাৰ নাম এতিয়াও জানিব পৰা নাই আয়োজক সমিতিয়ে ৷ খেলখনৰ 356516 নম্বৰৰ টিকটটোৰ গৰাকীয়ে লাভ কৰিছে প্ৰায় 16 লাখটকীয়া মহিন্দ্ৰা থাৰ বাহনখন ৷ কিন্তু আজিলৈকে ভাগ্যৱান বিজেতাজনে কুপন জমা দি পুৰস্কাৰটো দাবী নকৰাত বিমোৰত পৰিছে আয়োজক সমিতি ৷ সমিতিয়ে পুনৰ 15 দিনৰ সময় বৃদ্ধি কৰি ভাগ্যৱান বিজেতাজনক উপহাৰটো লাভ কৰাৰ সুযোগ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : বক্ৰ পথেৰে নিযুক্তি লাভ কৰা ৩৪ ৰাজপত্ৰিত বিষয়াৰ বিপদ ঘনীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.