ETV Bharat / state

পুনৰ সৰ্থেবাৰী আৰক্ষীৰ জালত দুটা ড্ৰাগছ ব্যৱসায়ী - barpeta police

বৃহস্পতিবাৰে নিশা সৰ্থেবাৰী আৰক্ষীৰ জালত পৰে দুটাকৈ ড্ৰাগছ ব্যৱসায়ী । ধৃত ব্যৱসায়ী দুটা ভক্তৰডবাৰ জাকিৰ হুছেইন আৰু জালকৰাৰ ছমেজ আলী বুলি চিনাক্ত কৰা হৈছে ।

two drug peddler arrest
পুনৰ সৰ্থেবাৰী আৰক্ষীৰ জালত দুটা ড্ৰাগছ ব্যৱসায়ী
author img

By

Published : May 28, 2021, 4:34 PM IST

বৰপেটা, ২৮ মে': নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে এটাৰ পিছত আনটো সফল অভিযান আৰক্ষীৰ । প্ৰায় প্ৰতিখন জিলাতে আৰক্ষীয়ে আৰম্ভ কৰিছে ড্ৰাগছ বিৰুদ্ধে অভিযান । এইবাৰ বৰপেটা আৰক্ষীকো এই ক্ষেত্ৰত সষ্টম হোৱা দেখা গৈছে ।

বৃহস্পতিবাৰে নিশা সৰ্থেবাৰী আৰক্ষীৰ জালত পৰে দুটাকৈ ড্ৰাগছ ব্যৱসায়ী । ধৃত ব্যৱসায়ী দুটা ভক্তৰডবাৰ জাকিৰ হুছেইন আৰু জালকৰাৰ ছমেজ আলী বুলি চিনাক্ত কৰা হৈছে । উল্লেখ যে, নিশা বালাপাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কনক চন্দ্ৰ শৰ্মাৰ নেতৃত্বত চলা অভিযানত ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত দুয়োগৰাকীকে আটক কৰে আৰক্ষীয়ে ।

two drug peddler arrest
পুনৰ সৰ্থেবাৰী আৰক্ষীৰ জালত দুটা ড্ৰাগছ ব্যৱসায়ী

ইফালে যোৱা মঙলবাৰে সৰ্থেবাৰী আৰক্ষীয়ে কুকাৰপাৰৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছিল চৰিফুদ্দিন আৰু ফৰিদুল আলী নামৰ দুজন লোকক । চৰিফুদ্দিন আৰু ফৰিদুল আলীক আদালতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে । দুয়োগৰাকীৰে স্বীকাৰোক্তিৰ ভিত্তিত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জাকিৰ হুছেইন আৰু ছমেজ আলীক ।

শুকুৰবাৰে চাৰিওজনকে আদালতত হাজিৰ কৰোৱা হয় । আৰক্ষীয়ে নিজাববীয়াকৈ ২০৯/২০২১ নম্বৰত আৰু এনডিপিএচ আইনৰ ২১(বি)/২৯ ধাৰাত ধৃত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা বুলি জানিবলৈ দিয়ে সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৱে ।

লগতে পঢ়ক:ৰূপজ্যোতি কুৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.