বৰপেটা, ২ জুন : বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই বৰপেটা আৰক্ষীয়ে ৷ অভিযান কালত ব্ৰাউন চুগাৰসহ বঙাইগাঁৱৰ দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাৰ নাম আশ্ৰাফুল ইছলাম আৰু মোজাহিদুল ইছলাম বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷ আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে দুই সৰবৰাহকাৰীৰ ঘৰ বঙাইগাঁৱৰ অভয়াপুৰীৰ লেংটিচিঙাত ৷
![two drugs padler arrest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-bar-12to15-2jun-drugs-dealer-arrested-in-bmch-campus-visbitephoto-as10038_02062021164917_0206f_1622632757_11.png)
চাবোনৰ কেচত ড্ৰাগছ ভৰাই বিক্ৰীৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাল চৌহদত ৰৈ থকা অৱস্থাতে আৰক্ষীয়ে অভিযান চলাই আটক কৰে ড্ৰাগছ ব্যৱসায়ী দুজনক ৷ উল্লেখ্য যে, বৰপেটা মেডিকেল কলেজ হাস্পতালৰ চৌহদত ড্ৰাগছ ব্যৱসায়ীক আটক কৰা ঘটনাক লৈ সমগ্ৰ বৰপেটাতে এক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক:খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত শিৰ নত কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে