ETV Bharat / state

বৰপেটা মেডিকেল কলেজ হাস্পতালত দুই ক'ভিড আক্ৰান্তৰ মৃত্যু

author img

By

Published : Apr 28, 2021, 8:44 PM IST

বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত দুগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু । ক'ভিড ৱাৰ্ডত চিকিৎসাধীন অৱস্থাতে মৃত্যু দুয়োগৰাকী ৰোগীৰ ।

বৰপেটা মেডিকেল কলেজ হাস্পতালত দুই ক'ভিড আক্ৰান্তৰ মৃত্যু
বৰপেটা মেডিকেল কলেজ হাস্পতালত দুই ক'ভিড আক্ৰান্তৰ মৃত্যু

বৰপেটা, ২৮ এপ্ৰিল : সমগ্ৰ দেশৰ লগতে বৰপেটাতো ভয়ানকভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ অৱশেষত মহামাৰী ক'ভিডেৰে যুঁজি প্ৰাণ হেৰুৱালে বৰপেটাৰ দুগৰাকী ক'ভিড আক্ৰান্তই । বুধবাৰে বৰপেটা মেডিকেল কলেজ হাস্পতালত দুগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু হয় । হাস্পতালৰ ক'ভিড ৱাৰ্ডত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ক'ভিড আক্ৰান্ত দুগৰাকীৰ । নিহত লোক দুজন তাইজুৰ ৰহমান (৬৫) আৰু জ্যোতিষ নাথ (৪৮) বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, মৃত তাইজুৰ ৰহমানৰ ঘৰ বৰপেটাৰ সমীপৱৰ্তী ভেল্লা গাঁৱত ৷ আনজন জ্যোতিষ নাথৰ ঘৰ সৰ্থেবাৰীৰ ৰাউলীত ৷ বৰপেটাত এতিয়ালৈকে কৰ'ণাত ৮ জন লোকে মহামাৰীৰ কবলত প্ৰাণ হেৰুৱায় । আনহাতে জিলাখনত মংগলবাৰলৈকে কভিড প'জিটিভ লোকৰ সংখ্যা আছিল ৭০৬ জন ৷

উল্লেখ্য যে, দেশৰ লগতে ৰাজ্যতো প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড আক্ৰান্তৰ সংখ্যা ৷ ক'ভিডৰ দ্বিতীয় ঢৌৱে ভয়ংকৰ কালৰূপ ধাৰণ কৰিছে ।

লগতে পঢ়ক: নগাঁৱত ভূমিকম্পই প্ৰাণ কাঢ়িলে মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.