ETV Bharat / state

জালুকবাৰী আৰক্ষীৰ জালত দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ

author img

By

Published : Sep 27, 2020, 11:06 AM IST

Updated : Sep 27, 2020, 6:20 PM IST

নতুন কৌশলেৰে এ টি এমৰ ধন লুট বহিঃৰাজ্যৰ যুৱকৰ । বশিষ্ঠ আৰক্ষীৰ এক খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দলে অভিযান চলাই স্কুটীসহ কৰায়ত্ব কৰে দুই আন্তঃৰাষ্ট্ৰীয় এ টি এম হেকাৰক ।

two atm hacker arrested at jalukbari
two atm hacker arrested at jalukbari

গুৱাহাটী, 27 ছেপ্টেম্বৰ : এইবাৰ হেকাৰৰ লক্ষ্য এ টি এম কাৰ্ড নহয় । বেংকৰ এ টি এম নিয়ন্ত্ৰণ কৰা গ্ৰাহক সেৱা । নতুন কৌশলেৰে এটিএমৰ ধন লুট বহিঃৰাজ্যৰ যুৱকৰ । গুৱাহাটী মহানগৰীত এ টি এমৰ ধন লুটপাত কৰি জালুকবাৰী আৰক্ষীৰ জালত পৰিল হাৰিয়ানাৰ মহম্মদ আছিফ আৰু জোনেদ খান ।

এই দুই হেকাৰে বিভিন্ন কৌশলেৰে এ টি এম কাৰ্ড সংগ্ৰহ কৰি এ টি এমত ধন সংগ্ৰহ কৰি এ টি এম গ্ৰাহক সেৱা বা বেংক গ্ৰাহক সেৱাত ফোন কৰি ধন নোলোৱাৰ অভিযোগ দিয়ে ৷ তেনেদৰে পুনৰ সেই ধনৰাশি অন লাইন প্ৰক্ৰিয়াৰে পাচবুকলৈ ঘূৰাই আনি আত্মসাৎ কৰে ।

নতুন কৌশলেৰে এ টি এমৰ ধন লুট বহিঃৰাজ্যৰ যুৱকৰ দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ

বশিষ্ঠ আৰক্ষীৰ এক খবৰৰ ভিত্তিত জালুকবাৰী আৰক্ষীৰ এটা দলে অভিযান চলাই স্কুটীসহ কৰায়ত্ব কৰে দুই আন্তঃৰাষ্ট্ৰীয় এ টি এম হেকাৰক । ইফালে ধৃত হেকাৰ দুটাৰ স্বীকাৰোক্তিৰ ভিত্তিত গুৱাহাটীৰ জিএছ ৰোডস্থিত অভিজাত ল’জৰ কোঠাত অভিযান চলায় আৰক্ষীয়ে ৷ এই অভিযানত উদ্ধাৰ হয় 40 খন বিভিন্ন বেংকৰ এ টি এম কাৰ্ড, নগদ 32 হাজাৰ ধন আৰু বহু আপত্তিজনক নথি-পত্ৰ ।

জালুকবাৰী আৰক্ষীৰ জালত দুটা বহিঃৰাজ্যৰ এ টি এম হেকাৰ

জানিব পৰা মতে, এই দুই হেকাৰ কিছুদিন পূৰ্বে হাৰিয়ানাৰ পৰা আহি গুৱাহাটীৰ এ টি এমৰ ধন কৌশলেৰে লুটপাত কৰি আহিছিল । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আগবঢ়াইছে ।

লগতে পঢ়ক : পাণ্ডু-মালিগাঁৱত বৃদ্ধি পাইছে চুৰি-ডকাইতিৰ ঘটনা

Last Updated : Sep 27, 2020, 6:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.