ETV Bharat / state

Stolen Bike recovered: ৩৯ খন চুৰি মটৰ চাইকেলসহ ২ টা চোৰক গ্ৰেপ্তাৰ - 2 arrested with stolen bike

বৰপেটা আৰক্ষীৰ বৃহৎ সফলতা । ৩৯ খন চুৰি মটৰ চাইকেলসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ২টাকৈ চোৰক (2 arrested with stolen bike)। ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত আছে ।

Stolen Bike recovered
৩৯ খন চুৰি মটৰ চাইকেলসহ ২ টা চোৰক গ্ৰেপ্তাৰ
author img

By

Published : Jan 7, 2023, 5:18 PM IST

৩৯ খন চুৰি মটৰ চাইকেলসহ ২ টা চোৰক গ্ৰেপ্তাৰ

বৰপেটা, ৭ জানুৱাৰী : ৰাজ্যৰ ভিন্ন প্ৰান্তত গাড়ী চুৰি চক্ৰ সক্ৰিয় হৈ উঠিছে (Car theft racket in Assam)। প্ৰায় প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত গাড়ী চোৰে লুটপাত চলাইছে । অৱশ্যে ঠায়ে ঠায়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযানো অব্যাহত ৰাখিছে আৰক্ষীয়ে । তেনে এক অভিযানৰ মাজতে বৰপেটা আৰক্ষীয়ে আটক কৰে গাড়ী চুৰি চক্ৰৰ লগত জড়িত দুজন যুৱকক (Barpeta police arrested two bike lifter)। কেৱল এয়াই নহয় ৩৯ খনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে ।

এখন দুখন নহয় ৩৯ খন চুৰি মটৰ চাইকেল । বৰপেটা সদৰ আৰক্ষী থানাত ভিৰ লাগিছে চুৰি মটৰ চাইকেলৰ । শাৰী শাৰীকৈ থোৱা হৈছে মটৰ চাইকেলসমূহ । শেহতীয়াকৈ বৰপেটা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছে এই চুৰি মটৰ চাইকেলসমূহ (39 stolen bike recovered at Barpeta)। চুৰি মটৰ চাইকেলৰ লগতে আৰক্ষীয়ে দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে । অৱশ্যে তদন্তৰ খাতিৰত এই পৰ্যন্ত চোৰৰ নাম সদৰী কৰা নাই বৰপেটা আৰক্ষীয়ে ৷

ইফালে চোৰে আৰক্ষীক দেখুৱাইছে মটৰ চাইকেল চুৰিৰ কৌশল ৷ কেনেদৰে তলা ভাঙি এখন মটৰ চাইকেল চুৰি কৰে সকলোবোৰ দেখুৱাইছে এটা চোৰে । ইফালে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে বহু গুৰুত্বপূৰ্ণ তথ্য । মটৰ চাইকেল চুৰি চক্ৰটোৰ আছে বৃহৎ নেটৱৰ্ক (Bike lifter racket)। মটৰ চাইকেল চুৰি কৰি বিক্ৰী কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৷ অৱশ্যে একাংশ চুৰি মটৰ চাইকেল বহিঃৰাজ্যলৈও প্ৰেৰণ কৰে চোৰৰ চক্ৰটোৱে । মটৰ চাইকেল চুৰি কৰাৰ পাছত ভুৱা পঞ্জীয়ণ পত্ৰ তৈয়াৰ কৰাৰো লিংক আছে চুৰি চক্ৰটোৰ হাতত ।

আৰক্ষীৰ তদন্তত এই সকলো কথা পোহৰলৈ অহাৰ লগতে আন বহুকেইজন জালত পৰাৰ সম্ভাৱনা আছে বুলি মন্তব্য কৰে বৰপেটা সদৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলেই (Barpeta police raid against bike thief)। বিষয়াগৰাকীয়ে জনোৱা মতে ইতিমধ্যে এই চক্ৰটো উৎখাত কৰাৰ বাবে বৰপেটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইফালে মটৰ চাইকেলৰ ভিৰ দেখি বহুতে থানাত প্ৰৱেশ কৰিছে ।

বহুতে পূৰ্বে চুৰি হোৱা নিজৰ মটৰ চাইকেলখন তাত আছে নেকি বিচাৰিছে । আৰক্ষীয়ে জনোৱা মতে মটৰ চাইকেল চুৰিৰ এক গোচৰ সন্দৰ্ভত তদন্ত কৰি থকাৰ সময়তে এই মটৰ চাইকেলসমূহ উদ্ধাৰ হৈছে । লগতে চুৰি হোৱা সেই মটৰ চাইকেলখনো আৰক্ষীয়ে উদ্ধাৰ কৰিছে ।

লগতে পঢ়ক :Poachers arrested at Dihing Patkai: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত ৰাইফলসহ ৩ জনক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.