ETV Bharat / state

অসমৰ এখন গাঁৱত অনুষ্ঠিত হ'ল এক বিশেষ বিবাহ

author img

By

Published : Jun 2, 2022, 6:26 PM IST

বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে অসমৰ এখন গাঁৱত অনুষ্ঠিত হ'ল এক বিশেষ বিবাহ(Tree wedding ceremony in Barpeta) ৷ বৈদিক পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি অনুষ্ঠিত কৰা বিবাহৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিলে বহুতৰে ৷

tree-wedding-ceremony-in-barpeta
অসমৰ এখন গাঁৱত অনুষ্ঠিত কৰা হ'ল এখন বিশেষ বিবাহ

বৰপেটা, 2 জুন : ক্ৰমাগতভাৱে সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পোৱা বন ধ্বংসই জীৱকূললৈ কঢ়িয়াইছে বিপদ(World Environment Day 2022) ৷ বনৰক্ষা আৰু প্ৰকৃতি সুৰক্ষাৰ অৰ্থে ৫ জুনত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ'ব বিশ্ব পৰিবেশ দিৱস ৷ পিছে বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে অসমৰ এখন গাঁৱত অনুষ্ঠিত কৰা হ'ল এখন বিশেষ বিবাহ(Tree wedding ceremony in Barpeta) ৷

বিবাহ উপলক্ষে দৰা কইনাক সনাৰ দৰেই আয়তীসকলে দুডাল গছত সানে মাহ-হালধি ৷ দৰা কইনাৰ দৰেই আয়তীসকলে নোৱাইছে ধুৱাইছে গছ দুডালক ৷ আয়তীৰ জাক জাক বিয়া নাম আৰু উৰুলিৰ লগতে সমগ্ৰ গাঁওবাসীৰ এই বিবাহখনক লৈ বৃদ্ধি পাইছে ভীষণ ব্যস্ততা ৷ বৰপেটা জিলাৰ কেওঁটকুছি গাঁৱত আয়োজন কৰা হৈছিল এই বিবাহ ৷ প্ৰকৃতিৰ সৈতে থকা আত্মীক সম্পৰ্কৰ সূত্ৰেই গাঁওখনত থকা এডাল আঁহত আৰু আন এডাল বটগছৰ মাজত শুভ পৰিণয়ৰ দিন স্থিৰ কৰি বৃহস্পতিবাৰে বিবাহৰ লগতে আয়োজন কৰা হৈছিল অভ্যৰ্থনাৰো ৷

উল্লেখ্য যে, অসমীয়া পৰম্পৰা অনুসৰি দৈ চিৰাৰে অভ্যাগতসকলক আপ্যায়ন কৰিছে দৰা পক্ষ আৰু কইনা পক্ষই ৷ আঁহত গছডালক কইনা হিচাপে সজাই পৰাই বটবৃক্ষৰ সৈতে বিবাহক লৈ বিগত ২৯ মে'ৰ পৰাই ভীষণ ব্যস্ততা দেখা গৈছিল কেওঁটকুছিবাসীৰ ৷ বিবাহৰ চিঠি চপাই নিমন্ত্ৰণ জনোৱাৰ পৰা, সুবাগৰ ধানবন্ধা, দৰা কইনাৰ চিৰা খুন্দা, আখৈ তোলালৈকে গাঁৱৰ মুনিহ-তিৰোতা সকলো ব্যস্ত এই বিয়াখনক লৈ ৷

সেয়ে হোমযজ্ঞক সাক্ষী কৰি সম্পূৰ্ণ বৈদিক নিয়মেৰে বৰপেটাৰ কেওঁটকুছি গাঁৱত সম্পন্ন হৈ যায় আঁহত আৰু বটগছ দুজোপাৰ শুভ পৰিণয় ৷ বিশ্ব পৰিবেশ দিৱসৰ পূৰ্বে এয়া সমগ্ৰ বিশ্ববাসীলৈ হ'ব পাৰে পৰিবেশ দিৱসৰ এক মহান আৰু অগতানুগতিক বাৰ্তা ৷

লগতে পঢ়ক : মহানগৰীত শীঘ্ৰেই আৰম্ভ বিনামূলীয়া কৃত্ৰিম হাত বিতৰণ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.